পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বীকাৰ কৰে, আহোম ৰাজ্যত কৈৱৰ্ত্তক ডোম বুলিছিল।তাৰ পূৰ্ব্বেনিশ্চয় সেইশব্দ তেওঁলোকৰ প্রতিপ্রয়োগ নহৈছিল কাৰণতাৰ ভূ কোনো পুৰণি পুথিত নাই যিহওক দুতিয়াকৈৱৰ্ত্তসকলে সেই নামটাে অপমানসূচক বুলি ভাবে আমাৰ কি আৱশ্যক, কি যুক্তি আছে যে সেইটো আমি তেওঁলোকৰ প্রতি প্রয়োগ কৰো আহোম ৰজাৰ দিনত অসমৰ মুছলমানক গৰীয়া বা গৌৰীয়া বুলিছিল। পিছত দেখা গ’ল যে সেই শব্দটোৰে মুছলমানসকলে নিজক জনাজাত কৰিবলৈ বেয়া পায়;কাৰণ সি কালক্ৰমত অপমানসূচক স্বৰূপে ব্যৱহৃত হবলৈ ধৰিলে । আন অসমীয়াই মুছমান ভাইসকলৰ প্রীতিবিধানৰ অৰ্থে সেই শব্দটো আজিকালি ব্যৱহাৰ কৰিবলৈ এৰি দিলে। বুৰঞ্জীৰ পাত মেলি সেই আগৰ শব্দটোকে সত্য বুলি প্ৰচাৰ কৰিলে কাৰ কি লাভ হ’ব ? বুৰঞ্জীৰ ফটাপাতেৰে সেইটো উই আৰু পইতাচোৰাৰ পেটলৈ যাবলৈ দিয়াটোৱেই যুক্তিসিদ্ধ নহয় নে ? অসমীয়াক বৃটিশ শাসনৰ আগডোখৰত বাৰু বোলা হৈছিল । লাহে লাহে অসমীয়াই সেইটো বেয়া পোৱা হলত চৰকাৰে তাক এৰি দি সুবুদ্ধিৰ কাৰ্য নকৰিলে নে ? সকলো জাতৰ মানুহৰ নিন্দাসূচক শব্দ আগেয়ে প্রচলিত আছিল, এতিয়াও অলপ-অচৰপ আছে, সেইবোৰ পৰিত্যাগ কৰি সকলো জাতৰ ভিতৰত শান্তি আৰু সদ্ভাৱৰ ভেটি দৃঢ়তৰ কৰাটোহে ভাল কাৰ্য । আন জাতৰ চকুৰ কুটা, অথচ নহ’লে গা নোৰোৱা বামুণতো আগৰ দিনৰপৰা কিমান গালি খাই আহিছে তাৰ লেখ জোখ নাই। কিন্তু বপুৰাহঁতে আন জাতৰ মানুহৰ পৰা শলাগ পাবলগীয়া একো নাইনে ? নিশ্চয় কৰিছে। অৱশ্যে দুষ্ট বামুণে দুষ্ট কাৰ্য্যৰ নিমিত্তে সেই দুষ্ট বামুণে যে গালি খোৱাটো উচিত নহয়,এনেকৈ আমি নকওঁ। কিন্তু প্রকৃত ব্রাহ্মণে শ্রেণী হিচাপে জগতৰ অলেখ উপকাৰ যে কৰি আহিছে সেইটো কোনে নুই কৰিব পাৰে ? বৰবৰুৱাই কৈছে, “মুঠতে ক’বলৈ গ’লে আমাৰ বোধেৰে কৈৱৰ্ত্ত ভ্ৰাতাসকলে ‘ডোম নামটো লুপ্ত কৰিবলৈ আন্দোলন কৰাৰ একো আৱশ্যক নাই। দেৱতাসকলে অমৃত মথোতে মথোতে শেহত বিহ ওলালগৈ “আমি সোধো কিয়? আন্দোলনৰ ফলত দাস জাতিয়ে স্বাধীনতা উপার্জন কৰিছে, আইন-সভাত সৰহকৈ প্রতিনিধি পাবলৈ গৈছে ৷ ইত্যাদি ইত্যাদি। অকল আমাৰ কৈৱৰ্ত্ত সকলেহে তেওঁলোকৰ অপমানজনক নামটো বা বদনামটো গুচাবলৈ আন্দোলন কৰিব নাপায় । মথোতে মথোতে যদি হলাহল ওলায়, তেন্তে