সঞ্জয়ৰ মহাপাতক হ’ল যে তেওঁৰ ঘৰৰ eেn থানাতে ধন পাই, সেই ধনেৰে মদ, গাহৰি, কুকুৰানামস্থল আন অসৎকাৰ্যত খৰচ নকৰি তাৰে গায়ন-বায়ন গোৱাই বৰ সবাহ পাতি ৰাইজক খুৱাই মেলি টকাৰ সৎ ব্যৱহাৰ কৰিলে। এইবাবেই জয়ধ্বজ বজাৰ বৰ কুঠাৰ সঞ্জয়ৰ বুকুত পৰিল । কি বিচাৰ আৰু কি বিবেচনা | আৰু কি উদাৰতা আমার কীৰ্ত্তনত আছে – "চণ্ডালে কৰিছে হৰি কীৰ্ত্তন। বুলিয়া নিন্দে যিটো অজ্ঞজন।” ইত্যাদি ই আমাৰ "মা-বাপ" আহোম ৰজাৰ অকল নিন্দই নহয়, বৰ কুঠাৰ । অথচ সঞ্জয় চণ্ডালতকৈয়ো অনেক ওখ থাপৰ ৷ এনেবোৰ কথা উলিয়াই দি আমাৰ বন্ধু ডাঙৰীয়া হিতেশ্বৰ বৰবৰুৱা জয়ধ্বজ ৰজাৰ নাতি-পুতিৰ কৃতজ্ঞতাভাজন হৈছেনে,নাইবা ৰজাৰ জাতৰ আন আহোমসকলৰ কৃতজ্ঞতাভাজন হৈছে ? নাইবা আমাৰৰজা জয়ধ্বজৰ আন হিন্দুপ্রজাৰেকৃতজ্ঞতাভাজন হৈছে ? তোমাৰ পৰ্ব্বপুৰুষৰে হওক বা মোৰ পৰ্ব্বপুৰুষৰে হওক পুৰণিকলীয়া কলঙ্কৰ কাহিনী উজাৰি উলিয়াই দিয়াটো কি ভাল কথা ক’ব নোৱাৰো। তেনেবোৰ কাৰ্যবিস্মৃতিৰ অটল বৰবৰুৱাৰ বুৰঞ্জীৰ টোকাৰপৰা আৰু এডোখৰ টুকি দিওঁ – “বুঢ়া ৰজা স্বৰ্গদেৱৰ দিনত এক বৰাহীয়ে ডুমুনিত পতিত হ'ল। পাছে স্বৰ্গদেৱ খঙ্গকৈ দাঙ্গি সেইবৰাহীৰ কপালত গাহৰি আক বৰ গাহৰিৰ ছাপ দি চুৱা খাবলৈ দিলে । সেই দিনাৰপৰাহে বদীয়া মানুহৰ কপালত গাহৰি আক দি বৰাহীৰ লগত দিবলৈ ধৰিলে ।” ডুমুনী শব্দৰ মানে পাঠকসকলে কিজানি নুবুজেই সেইদেখি বৰবৰুৱাদেৱে কষ্টকৈ তাৰ মানেটোও দিছে, - “ডুমুনী শব্দ যে ডোমৰ স্ত্রীলিঙ্গবাচক তাক নক’লে হ’ব ।” আহোম ৰজাৰ ইয়ো এটা দোষীৰ দোষৰ জঘন্য শাস্তি দিয়া প্রথা আছিল, সেইটোৰ এই জাননী দিবৰবৰুৱাই আহোম ৰাজ্যশাসনত কলঙ্কৰ চেকা গুচাই তালৈ আজিকালিৰ মানুহৰ শ্রদ্ধা আকর্ষণ কৰিলে নেকি ? আজিকালিৰ ইংৰাজ ৰজাৰ হাতত ৰাজনৈতিক বন্দীসকল (detenus)-ধৰা যদি ৰজাই তেওঁলোকৰ কপালত মেঞ্চেষ্টৰৰ নয়নচুক কাপোৰৰ থানৰ ছবি একোটা যাৱজ্জীৱন থকাকৈ মাৰি দিয়ে তেন্তেকাৰ গৌৰৱ কেনিবাঢ়িব ? যি হওঁক পৰাশৰৰ কপালত ছাব মাৰিবলৈ সেই কালত বুঢ়াৰজা নাছিল, লাভৰ বিষয়।