পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফটা মুখেৰে আজি কৈ থলো - তেহেলৈ তোমালোকৰ "দেবলদেবী","আলমগীৰ", "চন্দগুপ্ত"ৰ এধা-সিজা অসমীয়া তাঙৰণতকৈ গালি এই লেখকেনাগাৰ্জ্জুনৰবা মহাশঙ্কলটিকাৰ বৰিৰ সহায় নোলোৱাকৈয়ে সহজে জীণ নিয়াব । বছেৰেকে ছমাহে এখন আদ খন বিদেশী নাটক অসমীয়া থিয়েটাৰ মঞ্চত তুলিব পাব – তাকো মানুহৰ অভিৰুচি বুজি, কিন্তু দিনৌ বিদেশী নাটকৰ হ-য-ব-য-ব-ল ভাঙনি কৰিবাৰেমতৰা নাট্যকলাৰ অভিনয় অসমতে বজৰীয়া কলা বা ভীমকলা হব পাবে, কিন্তু অসমীয়া সোন্দাকলা নহয় জানি থ’বা । যদি উপযুক্ত অসমীয়া নাট নাই, নাট্যমঞ্চৰ গৰাকীসকলে উৎসাহ দি, বঁটা দি, বা নাট লেখোতাৰ নাট ছপোৱাৰ ব্যয়বহন কৰি অসমীয়াত নাট উলিয়াই ভাৱনা নকৰে কিয় ? চেষ্টাৰ অসাধা কি আছে ? চেষ্টাও যদি বিফল হয় তেওঁলোক বহি থকাও ভাল। কিন্তু লাজত তলমূৰ কৰিব নালাগিব । এইখন বঢ়াবাঢ়ি কৰি দেশৰ মানুহৰ মনৰ পৰা দেশীয় ভাব, ভাষা আৰু কৃষ্টিক চতুৰ্দশ বৎসৰ ব্যাপী বনবাসলৈ পঠিৱাতকৈ তেওঁলোকে নাট্য মঞ্চ পৰিত্যাগ কৰি কাণখোৱাৰ কীৰ্ত্তন পতাও ভাল। কাৰণ তাত আত্মসন্মান আছে । - আমাৰ লেখা চোকা হৈছে বুলি আমি বুজিছো।কিন্তু চোকা দৰব নপৰিলে নচলে । আমি দেখিছো লাহে লাহে নৰিয়াৰ অৱস্থা এনে হৈ আহিছে, যে ৰঙালাও সিজোৱা বা আটাগুৰি সিজোৱাৰ “পুলটিছ” বা প্রেলেপে তাত কোনো প্রভাৱকে প্রকাশ কৰিব পৰা নাই। সেইদেখি এতিয়া এলোপাথি মতে অস্ত্রচিকিৎসাৰ সময় উপস্থিত আৰু কবিৰাজ সম্প্রতিকলৈ স্থগিত । এয়ে বেজৰ ঘৰৰ ল’ৰা বেজবৰুৱাৰ ব্যৱস্থা। এনে অৱস্থাত পৰিয়েই ইংলণ্ডত আজি "Buy British" হৈছে আৰু ভাৰতত তাৰ প্ৰতিধ্বনি "Buy Indian" উঠিছে । আমিও কওঁ "Buy Assamese" আৰু "Buy Assamese!" "জর্জ সাহিত্য সভাক" ধন্যবাদ * বাহী একবিংশ বছৰ, দ্বিতীয় সংখ্যা, আহিন, ১৮৫৪ শক। (২৩) হিন্দুসমাজৰ ভিতৰত হেঁচা খাই থকাসকলৰ ভিতৰত চৰকাৰে পাতি লোৱা সেই সকলৰ প্রতিনিধি ডাক্তৰ