পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাতীয় সাহিত্যৰ পুষ্টিসাধন নকৰে, বৰং জাতীয়তাক বিপথগামী হে কৰে। এতেকে এই সভাই বিবেচনা কৰে যে এনে অনুবাদিত নাটকৰ অভিনয় বেয়া আৰু দর্শক হিচাপে অভিনেতাসকলক উৎসাহিত কৰা অন্যায় । গতিকে সভাই অনুবাদিত নাটকৰ অভিনয় নেচাবলৈ ছাত্ৰবোৰক আৰু ৰাইজক অনুৰোধ জনায় । আমি যদি আজি আসামত থাকিলোহেঁতেন, তেন্তে দেশ-প্রাণ ডেকাসকলৰ এই অনুৰোধ হাজাৰ ক্ষতি স্বীকাৰ কৰিও ৰক্ষা কৰিলোহেঁতেন । তেওঁলোকে অন্তৰৰ কি মৰ্ম্মভেদী বিষাদত এই অনুৰোধ কৰিছে আমি বুজিব পাৰিছে আৰু আমাৰ সহ অনুভুতি অতি মৰম আৰু অতি শ্রদ্ধাৰে তেওঁলোকক আমি জনাইছো।সময়ৰ সলনি হৈছে। “বসুধৈবকুটুম্বকং"সম্প্রতি স্থগিত ৰাখিবৰ সকাম পৰিছে।নিজৰ ভৰিত ভৰ দি সকলোৰে থিয় হ’বৰ সময় উপস্থিত নতুবা কাতি । অৱশ্যে কাতি-বিহুৰ আগ-পৰতেহে পিছপৰলৈ থলে কাতি মাটি আৰু ৰাতি এই তিনিটা মিহলি হৈ ‘খেচাৰিডাইলৰ খিচিৰি" হ’ব আৰু ফলত অতিসাৰ আৰু তাৰ পিছত তুলসীৰ তল । বিদেশী ৰন্ধা-বঢ়া “কৰি কোপ্ত পোলাও”দুদিন এদিন চলে,কিন্তু দিনৌ সেই “মেনু”অর্থাৎৰন্ধা-বঢ়াৰ তালিকা আমি খাৰ খোৱা অসমীয়াৰ ভিতৰত চলাবলৈ গ'লে ফল অতি বিপর্যয় হয়। সেইদেখি আমাৰ দেশীয় নাট্যমন্দিৰে বছৰেকত আমাক এসজি বঙলুৱা “পাক প্রাণালী” মতে খুৱালে আমি হৰিষিত মনেৰে ভোজন কৰিম,দুসাজি “ডেলমনিকো কুকাৰ” অথবা “ফাপো” বা “পেলিটি"ৰ বিধানমতে খুৱালেও খুচী হ'ম। কিন্তু তৃতীয়বাৰলৈ তেওঁলোকে মেজত ধোবাই ধোৱা কাপোৰ-পাতি ঠুং ঠাংকৰিকটা চামুচেৰেকনচর্টবজাই আকৌ ছাল-ছিগা ভিকহু আমাক তেনে "ডিনাৰ"লৈ মাতিলে আমি কিন্তু একেষাৰেই কম, "যোৱা যোৱা হৈছে, আমি শাকেখাৰৰেই এমুঠি খাই টিকি আছে, তোমালোকে আমাক আবুহুছেনৰ নিচিনা এদিনলৈ ৰজা পাতিব নালাগে।" খাৰ-খোৱা অসমীয়াক "আলমগীৰ"দেৱলাদেীৰ যাবলৈ উপদেশ দি কওঁ – যে তাতো পাৰ৷ যদি অসমীয়া আৰ কাপোৰৰ ভিতৰত ৰন্ধা বঙলা "ভুনখিচিৰি" অসমীয়া হেতাৰে বিলাই ৰাইজৰ ভোজত বিলনীয় উঠাইক । সেই "দিল্লীকা লাডু" যি খায় খাওক, যি নাখায় নাখাওক, কিন্তু তোমালোকৰ যহত দুয়ো পক্ষই যে "পঞ্জাৰ" এইষাৰ কথা