পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

"নোহো আমি চাৰি জাতি চাৰিয়ো আশ্রমী নোহো আতি, নোহো ৰাজা ধৰ্ম্মশীল দান ব্রত তীর্থগামী । কিন্তু পূর্ণানন্দ সমুদ্রব গোপী ভৰ্ত্ত পদ কমলৰ দাসৰো দাসৰ তান দাস ভৈলোঁ আমি ৷ ” + + + লর্ড কার্জনে কৈছিল, যে সচা কথা কোৱাটো পাশ্চাত দেশৰ হে গুণ, প্রাচ্যৰ নহয়। সেই সময়ত এই কথাৰ তীব্র প্রতিবাদ হৈছিল; আৰু লর্ড কার্জনে যে কোৰিয়ালৈ গৈ কোবিয়াব বজাৰ আগত কেইবাটাও মিছা কথা কৈছিল, কার্জন লেখা কিতাপৰপৰা অমৃতবাজাৰ পত্রিকাই সেইবোৰ তুলি দি দেখুৱাই তেওঁক মিছাত পেলাইছিল । ইয়াৰ পিছতো পচিমীয়াসকলৰ সত্যপ্রিয়তাৰ দাবী যে মিছা সেইবোৰ বহুত কাকত-পত্ৰ আৰু বক্তৃতাত প্রমাণ দি দেখুৱা হৈছিল । আজিকালি জগতে চকুৰ আগতে দেখি আছে, পাশ্চাত্য দেশীসকলৰ কথায় কথায় কেনেকৈ সত্যপ্রিয়তা ফুটি ওলাই থাকে। অৱশ্যে ভাৰতৰ অধোগতিৰ সময়ৰপৰা যে ভাৰতীয়ৰ সহৰভাগে মিচাৰ আশ্রয় লৈ নিজৰ হীন অৱস্থাৰ চিনাকি দিছে সেইটাে নুই কৰিব নোৱাৰি স্বাধীনতা হেৰুৱাই পৰৰ পদানত হোৱাই তাৰ কাৰণ,আৰু সেইবাবেই ঘাইকৈ ভাৰত পৰপদানত হ’ল। কিন্তু অতীত ভাৰতত সত্যক ভাৰতীয়ই কেনেকৈ সমাদৰ কৰি তাৰপৰা এখোজো নলৰিছিল, তাৰ ভূৰি ভুৰি উদাহৰণ আছে। সত্যৰ প্ৰতি হিন্দুৰ কেনে ধাৰণা আছিল, তাৰ এটি উদাহৰণ তলত দিলোঁ । শ্ৰীকৃষ্ণবৈকুণ্ঠলৈ প্রয়াণকৰিলত পৃথিৱীতকালপ্রৱেশ কৰিলে। যুধিষ্ঠিৰকে আদি কৰি পাঁচ পাণ্ডরে স্বৰ্গৰোহণ কৰিলে, আৰু তেওঁলোকৰ নাতি পৰীক্ষিত জন্তু দ্বীপত ৰজা হ'ল। তেওঁ নিজৰ ৰাজ্যত ঘূৰি ফুৰোতে এদিন দেখিলে, যে ৰাজপোছাক পিন্ধাশুদ্ৰ এজনে এটি বৃষৰ তিনটা ভৰি মৰিয়াই ভাঙিলে, আৰু চতুৰ্থটোতো নিৰ্ম্মমভাৱে প্ৰহাৰ কৰিছে। ওচৰতে গাই এজনী থিয় হৈ চকুৰ পানী পেলাব লাগিছে। তেওঁ সেই দৃশ্য দেখি শূদ্ৰজনক ভাবি দি খাপৰপৰা খাণ্ড উলিয়াই লৈ কাটিবলৈ প্রস্তুত হৈ বৃষক সুধিলে তেওঁ কোন আৰু কিয় তেওঁৰ এনে দুৰ্গতি কৰা হৈছে। কৃষ্ণই ৰজাক এইবুলি উত্তৰ দিলে"কোনে দুঃখ দেয় যিটো পুছিলা সংশয়। কৰিবে নপাৰে৷ তাক নৃপতি নিশ্চয় ৷ জ্ঞানী বোলে দেয় দুঃখ আত্মাই আত্মাক ।