পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হৈছিল, কিন্তু লাহে লাহে বৌদ্ধধৰ্ম্মৰ আৰু বৌদ্ধসমাজৰ বল কমি আহিলত, তেওঁলোকে সেইবোৰক ঠাই দিবলৈ পুৰণি বিহাৰত ঠায়ে নট হ'ল, আৰু নতুনকৈ বিহাৰ সাজি সিহঁতক আশ্ৰয় দিবলৈকো, বৌদ্ধসমাজৰ বল নাইকিয়া হ’ল। শেহত সেইবোৰে হিন্দু সমাজৰ ফালে ঢাল ল’লে। কিন্তু হিন্দুৰ চাতুৰ্ব্বণ্য-সমাজত সিহঁতক সুকীয়া এজাতি কৰি কাপোৰ বোৱা ব্যৱসায়ত লগালে, আৰু সেই জাতৰ নাম দিয়া হল যুগী।

***

       মানুহে যদি যুদ্ধ নেৰে তেন্তে মানুহ নামৰ প্ৰাণী পৃথিৱীত লোপ হ’ব। যুদ্ধৰ ফলত সভ্যতাৰ চিন মোকাম পৰ্যন্ত নাথাকে। লোভেই যুদ্ধৰ ঘাই কাৰণ। নিজৰ ৰাজ্য আৰু প্ৰভাৱ অক্ষুণ্ণ ৰাখি লোকৰ ৰাজ্য আৰু প্ৰভাৱ খৰ্ব্ব কৰিবলৈ বিচাৰিলেও যুদ্ধত পৰা যায়। পৰৰ ৰাজ্যৰ প্ৰতি লোভৰেই আজিকালি সভ্য নাম হৈছে “ইম্পিৰিয়েলিজম”। ইয়াৰ ফলত গোটেই আফ্ৰিকা মহাদেশ, এছিয়াৰ দক্ষিণ-পূব ডোখৰ, আৰু আমেৰিকাৰ এডোখৰ য়ুৰোপীয় জাতি গোটাচেৰেকৰ অধিকৃত। ইয়াৰ ফলত পৃথিৱীৰ লক্ষ লক্ষ নিৰ্দ্দোষ মানুহৰ তেজেৰে ৰাঙলী হৈছে। আত্মৰক্ষা আৰু পৰস্বাপহৰণ এই দুটা প্ৰয়োজনৰ নিমিত্তে সকলো ৰাজ্যত যুদ্ধৰ আহিলা-পাতি সংগ্ৰহ। আমেৰিকাৰ বিখ্যাত বৈজ্ঞানিক টমাছ এডিছনে কয়, যে বিষাক্ত গেছেৰে (gas) লণ্ডন চহৰৰ সত্তৰ লাখ মানুহৰ প্ৰাণ বধ কৰিবলৈ মাথোন তিনি ঘণ্টা লাগিব। পৰক অবিশ্বাস, পৰক খিয়াল, এই দুই অগণিত পুৰি থাকি মনে মনে “দবাৰ চাল" মৰা নাম পৰৰাষ্ট্ৰনীতি আৰু মন্ত্ৰণ কৌশল, যাৰ ভদ্ৰ নাম Foreign policy আৰু Diplomacy। লোভত পৰি দুৰ্ব্বলৰ সম্পত্তি কাঢ়ি লৈছে বুলি আজিকালিৰ ৰাষ্ট্ৰনৈতিক সভ্যতাই স্বীকাৰ নকৰে; এনে কাৰ্য্য কৰি এই সভ্যতাই কয় যে মই অসভ্যৰ মাজত সভ্যতাৰ বিস্তাৰ অশিক্ষিতৰ মাজত শিক্ষাৰ বিস্তাৰ দুৰ্ব্বলক আত্মৰক্ষাৰ নিমিত্তে তৈয়াৰ কৰাৰ নিমিত্তেহে এই পৰোপকাৰ নামৰ দায়িত্ব ল'বলগীয়াত পৰিছে। বাতৰি-কাকতবোৰ এই ভণ্ডামি প্ৰচাৰৰ প্ৰধান সহায়ক। স্বদেশ-প্ৰীতিৰ দোহাই দি মানুহ জাতিৰ সৰ্ব্বনাশ কৰিছে, বৈজ্ঞানিক পণ্ডিতবোৰে। এই দোহাইৰ ফল, বম,