পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তপস্বীসকলৰ বল খৰ্ব্ব কৰিবলৈ বিষ্ণু আৰু শিৱৰ শৰণ, হ’ল । বিষ্ণু আৰু শিৱই তপস্বীসকলৰ আৰু তেওঁলোক পত্নীসকলক হীনবল কৰিবৰ মনেৰে বুধি পাতিলে শিষ্ট এজন সুন্দৰ ডেকা তপস্বীৰ আৰু বিষ্ণুৱে এজনীসুন্দৰাকা ৰূপ ধৰি শিৱ তপস্বীসকলৰ পত্নীসকলৰ ওচৰলৈ আকলি, তপস্বীসকলৰ ওচৰলৈ গ’ল তপস্বীসকলে সেই কন্যাৰকল্প দেখি বিমোহিত হৈ কন্যাৰ পিছে পিছে লৰিবলৈ ধৰিলে । আনফালে তপস্বী পত্নীসকলে ডেকা মহাদেৱৰ ৰূপত মুগ্ধস্থ তেওঁৰ পিছেপিছে লৰিবলৈ ধৰিলে ফলত নিজ নিজ পত্নীৰে সৈতে তপস্বীসকলৰ পতন হ’ল। অন্তত তপস্বীসকলে নিজৰ পতনৰ কাৰণ বুজিব পাৰি খং উঠি এটা মহাযজ্ঞ পাতিমন্ত্ৰপূত কৰি অগ্নিত আহুতি দি শিৱক পুৰি মাৰিবলৈ দিহা কৰিলে। শিৱৰ লিঙ্গ মন্ত্রপুত বহ্নিত বিচ্ছিন্ন হৈ দগ্ধ হ’বলৈ যোৱা দেখি শিৱই মহা খং কৰি জগৎখনকে পুৰি ভস্ম কৰিবলৈ ওলাল। ব্ৰহ্মা বিষ্ণুৱে দেখিলে শিৱৰ ক্রোধাগ্নিত এতিয়া জগত নষ্ট হয়। ব্রহ্মা তেতিয়াই Pedastal অর্থাৎ ঠকুৰা বা পাদপীঠ হ’ল, বিষ্ণুৱে যোনিৰ আকৃতি ধৰিলে; ধৰি তাৰ ওপৰত শিৱলিঙ্গক স্থান দিলে। এইদৰেই তেওঁলোকে শিৱৰ হতুৱাই অঙ্গীকাৰ কৰাই ল’লে যে আৰু যেন তেওঁ জগৎ ধ্বংস নকৰে, আৰু দেৱতা আৰু মানুহে তেওঁৰ চিহ্ন লিঙ্গক সদায় পূজা কৰি থাকিব । তান্ত্ৰিকসকলে ইয়াকে মন্ত্র বোলে । স্ত্রী-ত্রিভুজৰ ওপৰত পুৰুষ ত্রিভুজৰ বাহু বা ৰেখা পৰস্পৰ ছিন্নভাৱেস্থাপিত বস্তুটিয়েই তান্ত্ৰিকৰ মন্ত্র । অকল আধ্যাত্মিকভাৱে এই লিঙ্গম আৰু যোনিৰ সংযোগেই যে তান্ত্রিক পন্থীৰ সাধনা এনে নহয়, শাৰীৰিক সংযোগ সাধনাও তেওঁলোকৰ মতান্তর্গত । তন্ত্ৰৰ আৰু তান্ত্ৰিকৰ অস্তিত্ব খৃষ্টীয় ষষ্ঠ শতিকাৰ আগেয়ে নাছিল, কাৰণ অমৰসিংহৰ অমৰকোষত অৰ উল্লেখ নাই। পণ্ডিতসকলে অনুমান কৰে যে অসঙ্গ নামেৰে বৌদ্ধ ভিক্ষু এজনে এই কথা প্রথমতে চলায় । অসঙ্গ পেশোৱাৰৰ অৰ্থাৎ পুৰুষ্কৰ মানুহ । "যোগাচাৰ ভূমিশাস্ত্র" নামেৰে এখন পুথি অসঙ্গই ৰচনা কৰি প্রথমতে তন্ত্রাচাৰ চলায় এই পুথি খৃষ্টীয় ষষ্ঠ শতিকাত ৰচিত হৈছিল। খৃষ্টীয় সপ্তম শতিকাত ভাৰত পৰিব্রাজকহিয়েনচাঙ অসঙ্গৰ আশ্রম ধ্বংসাবস্থাত দেখিছিল। তেওঁ লেখি গৈছে। যে অসঙ্গ বুদ্ধদেৱৰ এহেজাৰ বছৰৰ পিছৰ মানুহ । অসগই শিৱ আৰু শক্তিৰ স্থান দি, বুদ্ধ আৰু অবলোকিতেশ্বৰ পূজা বুলি প্ৰচাৰ কৰিছিল।বঙ্গদেশ বৌদ্ধধৰ্ম্মৰ প্ৰধান ঠাই আছিল