পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিচিনা এটি ভাষাত তেওঁলোকৰ গীত আৰু নাট লেখিছে । কিন্তু ভালকৈ চালে দেখিয়ে সেইভাষাৰঙ্গদেশৰ বৈষ্ণবসকলৰ উদ্ভাবিত ব্রজবুলি নহয়, সেই ভাষামৈথিলী-হিন্দী বিদ্যাপতিৰ দেশমিথিলাৰ হিন্দীভাষাত তেওঁলোকৰ গীত ৰচিত হোৱাট অস্বাভাবিক নহয় । মিথিলাৰ ভাষা বিদ্যাপতিৰ যহত কৃষ্ণলীলামৃতৰ ৰসেৰে পৰিসিক্ত আৰু সেই কেন্দ্ৰৰ আকৰ্ষণী শক্তিয়ে চাৰিওফালৰ কৃষ্ণভক্ত বৈষ্ণৱক সেই কালত টানি নিছিল। ভাৰতৰ লিঙ্গ আৰু যোনি পূজা ঃ বৃহন্নাৰায়নি উপনিষদত প্রথমতে সংক্ষিপ্তভাৱেলিঙ্গ শব্দটোৰ উল্লেখ আছে। লিঙ্গম অর্থাৎ ভিতৰুৱা সূক্ষ্ম মনুষ্যটোৰ আবাস মনত অর্থাৎ বাসনাত সৰ্ব্বোপনিষৎসাৰত লিঙ্গশৰীৰৰ (subtle body) উল্লেখ আছে সাংখ্যত মহদ-আদি-অবিশেষ-অন্তম লিঙ্গম” পোৱা যায়। অর্থাৎ মহদৰপৰা অবিশেষলৈকেলিঙ্গ পৰিব্যাপ্ত। প্রকৃতিৰ পৰা উৎপন্ন হোৱা মহৎবাবুদ্ধি, অহঙ্কাৰ, তন্মাত্ৰবোৰ, মন আৰু ইন্দ্ৰিয়বোৰ লিঙ্গৰ গুণাবাচক । প্রত্যেক লিঙ্গ ত্ৰিগুণাত্মক অর্থাৎ সত্ত্ব, ৰজ তম এই তিনি গুণেৰে আবৃত। লিঙ্গ ৫মভাবাত্মক প্রত্যেক জীৱৰ বিকাশ লিঙ্গৰদ্বাৰাই প্রকৃতি পৰুষৰ সংযোগৰ ফল। ওপৰত কোৱাভাব আৰু গুণৰ অলেখ অজস্র সংযোগ বিয়োগৰ পৰিব্যক্তিয়েই জীৱন । পুৰাণত লিঙ্গম সৃষ্টিৰ কৰ্ত্ত আৰু ৰক্ষক লিঙ্গম আৰু যোনি পূজাৰ উৎপত্তিৰ বিষয়ে পুৰাণত তিনিটা মত আছে— (১) শিৱৰ কৈলাসত এটা ওখ বেদীৰ ওপৰত এখন চৌকণীয়া মেজত ৯টাবহুমূলীয়াৰত্ন আছে তাৰ সোঁমাজত এটা পদ্ম। পদ্মৰ ওপৰত এটা ত্রিভুজ এই ত্রিভুজেই সৃষ্টিৰ উৎপত্তি আৰু স্থিতিৰ মূল কাৰণ ত্রিভুজটোৰ কেন্দ্ৰৰ ওপৰত লিঙ্গম । লিঙ্গমৰ জ্যোতিৰ দ্বাৰাই দেৱতা আৰু মনুষ্য চাৰিওফালৰপৰা ভাগি আহি তাক পূজা কৰিবলৈ ধৰিলে। (২)শিৱৰ আহ্বানমতে এদিন কৈলাসত দেৱতাসকলৰ এখন সভা বহিছিল। দেৱতাসকলৰ সমবেত হ’ল হয়, কিন্তু শিৱ অনুপস্থিত। শিৱই পাৰ্ব্বতীৰ সৈতে বিহাৰ কৰি আছিল দেখি তাত উপস্থিত থাকিব নোৱাৰিছিল। কাৰ্যৰ গতি দেখি দেৱতাসকলে সভাত আলচ কৰি শিৱৰ খালি আসনত এটি লিঙ্গ স্থাপন কৰি ক’লে, যে আজিৰপৰা এই লিঙ্গ শিৱৰ চিহ্নৰূপে ব্যৱহৃত হ’ব । (৩) তপস্বীসকল তপস্যাৰ বলত বলী হৈ উঠিলত দেৱতাসকলৰ মহাভয় সমুপস্থিত হ’ল । তেওঁলোক