পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ মেধাবী ছাত্ৰ আছিল। তেওঁ মিথিলাত পঢ়োঁতে এদিন তেওঁৰ অধ্যাপকৰ সৈতে তর্কত অধ্যাপকক হৰুৱাই দিছিল। সেইবাবে অধ্যাপকে বৰ লাজ পালে আৰু স্বৰ্গীয় বাসুদেৱে লেখি লোৱা তালপতীয়া পুথিবোৰ কাঢ়ি নি তেওঁক খেদাই দিলে। সেইবোৰ ন্যায়, দর্শন, ব্যাকৰণ ইত্যাদি শাস্তব পুথি আছিল । বাসুদেৱে ঘৰলৈ উভতি আহি গুৰুৰ টোলত পঢ়া শাস্ত্ৰবোৰ সুঁৱৰি সুঁৱৰি নতুনকৈ পুথি লেখি উলিয়াইনবদ্বীপত টোল খুলি ছাত্র পঢ়াবলৈ ধৰিলে। তেতিয়াৰপৰা নৱদ্বীপত সেইবোৰ শাস্ত্রবিদ্যাৰ টোল আৰম্ভ হ'ল। চৈতন্যইও এই বাসুদেৱ সাৰ্ব্বভৌমৰ টোলতে পঢ়িছিল। ভাষা খুব আগ্ৰহেৰে শিকিছিল, আৰু বিদ্যাপতিৰ গীত, পদৰ গ্রন্থবোৰ পঢ়ি সেইবোৰ মুখস্থ কৰি আৰু লেখি আনিছিল । ওপৰত কৈ আহিছে, যে মৈথিলী ভাষা হিন্দীৰ ওচৰা-উচৰি৷ সেইদেখি হিন্দীৰ ভনী ভাষা বঙ্গলাভাষীসকলেও মৈথিলী ভাষাৰ গীত, কাব্যাদিৰ সোৱাদ গ্রহণ কৰাত বিশেষ বাধা নজন্মিছিল । তাৰ উপৰি বিদ্যাপতিৰ ললিত শব্দবিন্যাস আৰু মনোহৰ ভাবৰ ৰাধা-কৃষ্ণৰ লীলাৰ সঙ্গীত আৰু কবিতাবোৰে তেওঁলোকৰ মন মোহি পেলাইছিল; গতিকে তেওঁলোকে কালক্ৰমত বঙ্গলৈ অনা বিদ্যাপতিৰ কবিতাবোৰ নানা মানুহৰ মুখত পৰি তাত বঙ্গলুৱা ভাজ লাগিবলৈ ধৰিলে। সিফালে বঙ্গলীৰ মিথিললৈ পঢ়িবলৈ যোৱাও বন্ধ হ’ল । সেইদেখি এনে কোনো নাছিল বা নোলাল, যে বিদ্যাপতিৰ কবিতাবোৰৰ সংস্কাৰ কৰি সেইবোৰক আগৰ আকৃতি দিয়ে। ফলত বিদ্যুপতিৰ মৈথিলী ভাষা ব্রজবুলি নামৰ এটা নতুন বৈষ্ণবী ভাষাত পৰিণত হল বিদ্যাপতিক বঙ্গালী বুলি ধৰা হল অথচ তেওঁৰ গীত পদ আচল বঙ্গল নহয়। সেইদেৰি এটা মতৰtেheory) সৃষ্টিহল যেবিদ্যাপতিৰ ভাষাপ্রজবুলি আৰু মথুৰাবৃন্দালনৰভাষাৰ ভিতৰত কোনোমিলনই আৰু মথুৰাদানৰ এই ভাষই নহয়। কাপতিয়ে লেখা শুদ্ধ মৈথিলী ভাষা ব্রজবুলি মৈথিলী নহয়। ই বঙ্গালী বৈষ্ণৱ কবিসকলৰভুল ধাৰণতজন্মলোৱা সানমিহলিহৈসৃষ্টিহোৱা এটা নতুন ভাষা এইটাে কোনেও এবাৰ ভাৰ নামলে যে বিদ্যাপতিয়ে তেওঁৰ মাতৃভাষামৈথিলাত তেওঁৰৰচন নেলেখি মথৰাৰ ভাষাত কিয় কবিতা লেখিবলৈ যাব