পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তুৰস্কৰ গভর্ণমেণ্টে জেৰুজেলেমৰপৰা বেথলহেমলৈকে এখন ট্রেম চলাবৰ আৰু বিজুলীৰ চাকি লগাবৰ দিহা কৰিছিল। পাদুৰীসকলে চিয়ৰ-বাখৰ লগালে—সৰ্ব্বনাশ! সৰ্ব্বনাশ! কি পাপৰ কাম ! তেওঁলোকৰ তীর্থস্থানত চৈতানৰ এনে অপবিত্রতা !!! পাদুৰীৰ এনে মন্তব্য শুনিনিশ্চয়তুৰস্কৰ মছলেমসকলে – টোবা! টোবা কৰিছিল। আমি হ’লে ৰামগঙ্গা একো নোবোলো কাৰণ আমি কুসংস্কাৰপন্ন হিন্দু আমাৰ মাতিবৰ অধিকাৰেই নাই।"

  • বাহী, ষোড়শ বছৰ –তৃতীয় সংখ্যা, আহাৰ ১৮৪৮ শক।

(>b) ঈশ্বৰৰ কাষ চাপিবৰ উপযুক্ত হবৰ প্রথম কাৰ্য্যত্যাগ। আক্রোহীৰ ঈশ্বৰ লাভ পৰ্ব্বতত কাছ-কণী। বঙ্গীয় বৈষ্ণৱশ্রেষ্ঠ ৰাপ আৰু সনাতনৰ কথা আমাৰ দেশৰ অনেকে শুনিছে। ৰূপ সনাতন শ্ৰীশঙ্কৰদেৱৰ সমসাময়িক । শ্ৰীশঙ্কৰদেৱে দ্বিতীয়বাৰ তীর্থ পৰ্যটন কৰিবলৈ যাওঁতে, যেতিয়া আনবোৰ তীর্থকৰিবৃন্দাবনলৈ যাবলৈ মনস্থ কৰিছিল, তেতিয়াবৃন্দাবনলৈ যাবৰ প্রধান উদ্দেশ্য তেওঁৰ আছিলন্ধপ সনাতনৰে সৈতে দেখা কৰা । বৃন্দাবনলৈ যাবৰ বাটত যেতিয়া তেওঁলোক আহি উপস্থিত হ’লহি শ্ৰীমাধৱদেৱে শ্ৰীশঙ্কৰদেৱৰ ভাৰ্য্যাৰ কথা মনত ৰাখি যেতিয়া বৃন্দাবনৰ বাট পৰিত্যাগ কৰি আন বাটে আগবাঢ়িবলৈ ধৰিলে, তেতিয়া শ্ৰীশঙ্কৰদেৱে কৈছিল, “বঢ়াৰ পো, ৰূপ সলাতনে কেনেকৈ ধৰ্ম্ম প্রচাৰ কৰিছে, বৃন্দাবনলৈ বলা, তোমাক দেখুৱাওঁগৈ।” সেই সনাতনৰ ত্যাগৰ বিষয়ে, গৌড়ীয় বৈষ্ণৱ সাহিত্যৰপৰা এই ঘটনাৰ উল্লেখ এইখিনিতে কৰো। ৰূপ আৰু সনাতন দুই ভাই । সনাতন ডাঙৰ ৰূপ সৰু ৰূপৰ নাম আছিলদবীৰ খাঁ, সনাতনৰ নাম আছিল সাকৰ মল্পিক তেওঁলোক দুয়ো গৌড়ৰ মুছলমান পাৎসাৰ বৰ ডাঙৰ বিষয় অর্থাৎ উজীৰ আছিল। তেওঁলোকৰ অগাঢ় সম্পত্তি, বিপুল ঐশ্বৰ্য, অসীম ক্ষমতা। বড় বুদ্ধিমান বড় প্রতাপে উন্নত । আথে পৰিপূৰ্ণ যথা লক্ষ্মীবশীভূত।"