পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৮৩]

ঢাকিলেক দশোদিশ ৰবিৰ কিৰণ।
দেখ দেবগণে দুৰ কৰিলা বিমন॥
হাহা যাজ্ঞসেনী আই আমাৰ বাক্যত।
বিপাকে মৰিলা শিলাবৃক্ষ প্ৰহাৰত॥৩৭৪
শিলাবৃক্ষ প্ৰহাৰত কিছুই নভৈলা।
পৰ্ব্বত সমান কৰি গৱে পৰি ৰৈলা॥
গৰুড়ৰ গাৱত পৰয় শিলাচয়।
ত্ৰিদশ দেবতাগণে তাক নজানয়॥৩৭৫
দুইদণ্ড মান শিলাবৃক্ষ প্ৰহাৰিলা।
বোলে মানুসৰ নাৰী নিশ্চয় মৰিলা॥
অন্তৰিলা গৰুড় ভেলেক সুপ্ৰসন্ন।
প্ৰকাশিত ভৈলা ৰবি বয় পবন॥৩৭৬
উঠিয়া দ্ৰৌপদী ধনু টঙ্কাৰ কৰিলা।
টোন হন্তে শৰ আনি গুণত পুৰিল॥
গৃহক বাইবা দিতে উদ্যম জুৰিলা।
পালতিয়া দেখে পুনঃ আসিয়া মিলিলা॥ ৩৭৭
কিনো অদভুত কথা ইটো গুৰুতৰ।
পৰম দুৰ্জ্জন ইতো নাৰী মনুষ্যৰ॥
এত শিলা তৰু যাৱে নমৰি ৰহিলা।
পুনঃ বুজিবাক মনে খেদিয়া আসিলা॥৩৭৮