পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২১ ]

ৰৌদ্ৰ বৰিশণ বতাহক সহিবেক।
মহন্তক দৰশণ সদায় হৈবেক॥ ৭৯
তেবেসে হইব বন বাসিৰ যুগুত।
অন্তকালে হৈব তাৰ সৰিৰ মুকুত॥
আমি সব আছো যেন আপোন ৰাজ্যত।
বনধৰ্ম্ম পৰিহৰি জীবে কেন, মত॥৮০
আস্তিকক দেখিলো কৰিলো হ্ৰদে স্নান।
তাহাৰ ফলক লভি আছো বিদ্যামান॥
সবে কাৰ্য্যসিদ্ধি ভৈলা পুৰ ভৈলা মন।
আবে আন বনে আমি কৰিবো গমন॥৮১
এহি বুলি মহাৰাজ আৰ নকহিলা।
হেন শুনি বৃকোদৰে বচন বুলিলা॥
তুমি সে আমাৰ নিজ হোৱা অধিকাৰ।
কোন জনে বাধিবেক বচন তোমাৰ॥৮২
যেহি বোলা সেহি কৰে বচন তোমাৰ।
আমাৰ মনৰ একো নাহিকে বিচাৰ॥
হেন শুনি পুণ্ডৰিকে বোলে সাবধানে।
কিয়নো নাথাকা ইটো মহা পুণ্যথানে॥৮৩
আস্তিক হ্ৰদৰ সম একো তীৰ্থ নাই।
আত থাকি দিব্যৰূপে বৈকুণ্ঠক যাই॥