পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৱাৰ গীত

১। অ, এ, প্ৰাণ চৰিহে, আজু কেনে নুপুহে ৰজনী,
পদ। প্ৰথম প্ৰহৰ কালা শুগন্ধি পুষ্পেৰ মালা,
 লাশ কৰি আছো বাত চাই।
পাৱৰ খৰম যুৰি   আগবাঢ়ি আছো ধৰি
 ৰৈলা কানু পৰনাৰী পাই॥
দ্বিতীয় প্ৰহৰ ৰাতি   সয্যা মাজে আছো শুতি
 মনে মনে বৰি আশা কৰি।
পৰক আশা যাৰ,   নিস্ফল জীৱন তাৰ,
 কেনে অভাগী নগৈলো মৰি॥
তৃতীয় প্ৰহৰ গৈলা   তথাপিতো নাসিলেক
 পৰ নাৰী পাই ভৈলা ৰতি।
হৰি হৰি দৈব বিধি   কোনে ৰাকিলেক নিখি
 মিছাতে বঞ্চিলো ইটো ৰাতি॥
চতুৰ্থ প্ৰহৰ গৈলা আদিত্য উদয় ভৈলা,
 দুখনিশি ভৈলা সমাপন।
কৃষ্ণ কথা সাৰ কৰি হে দেৱ শ্ৰীহৰি
 ইতো দুখ পৰম গহন॥