পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 দিবহি পেলাই সেই বাঞ্ছিত ৰতন
 দেৱৰাজ মহেন্দ্ৰৰ চৰণ-তলত।
 স্বৰ্গ মৰ্ত্ত্য পাতালৰ সীমাৰ মাজত,
 কোনে মহা তপ কৰি, ইন্দ্ৰৰ আসন
 আশঙ্কাত কঁপায় সঘনে? মোৰ এই
 ফুলৰ ধনুৰ দৰে, কোন সুন্দৰীৰ
 ভ্ৰূযুগলে হানি থই প্ৰভুৰ হৃদয়,
 ছলনাৰ কুটিল জালত মেৰিয়াই
 নিষ্ঠুৰ নিষাদ-প্ৰাণ দেখায় নিতউ?
 আজ্ঞা হক, এতিয়াই বান্ধি সেই জন
 সঁপি দিওঁ স্বৰ্গৰাজ ইন্দ্ৰৰ পদত।
 সাক্ষাৎ শঙ্কৰো যদি ধ্যানত মগন,
 স্বৰূপ সতীও যদি আহে নিজে সেই
 প্ৰণয়ৰ কুটিল দৃষ্টিৰে; তেন্তে মোৰ
 ই ধনুৰ এপাত শৰতে, পৰিবহি
 লুণ্ঠিত শৰীৰ হই প্ৰভু পাৱত।
ইন্দ্ৰৰ—মুমধুৰ বীৰোচিত তোমাৰ বচন
 শুনি তৃপ্ত হলোঁ৷ কিন্তু এটি কথা —
 কলা তুমি এতিয়াই, হৰৰ চিতকো
 সহজেই টলাব পাৰিবা; পাৰিবানে
 সঁচাকৈয়ে নিশঙ্কোচে কৰিব ই কাম?
 পৰমাত্মা ধ্যান কৰি যোগত মগন
 থাকোঁতে শঙ্কৰ, পৰিবানে ছল চাই
 হানি দিব ফুলশৰ হৰৰ বুকত?