পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

শ্ৰীযুতা আজলীতৰা নেওগৰ

আলিবাবা আৰু দুকুৰি ডকাইত

 “এনে শিক্ষিত মানুহ আৰু লৰা-ছোৱালী কম যি এই সাধুটোৰ বিষয়ে আলপ-নহয়-অলপ নাজানে। আমাৰ অসমীয়া ভাষাত তাক উলিয়াই দি শ্ৰীমতী নেওগে বৰ ভাল কাৰ্য্য কৰিলে। কিতাপৰ ভাষা ভাল, গঢ় ভাল।•••পিতৃ আৰু স্বামী দুই ফালৰপৰা তেওঁৰ গাত সাহিত্যৰ প্ৰেৰণা আছে। এনেকুৱা বস্তু আমাৰ আইটীৰ পৰা আমি আৰু বিচাৰিলোঁ৷

বাঁহী, কাতি, ১৮৫৩ শক ,

  “...শ্ৰীমতী নেওগ আইদেউৰ লেখনীৰপৰা ওলোৱা এই পুথিখনি অসমীয়া গল্প সাহিত্যলৈ এটি নতুন দান। ৰচনাৰ সৰল, প্ৰাঞ্জল আৰু সুন্দৰ ভাষালৈ চাই আলিবাবা উৎকট শিশুপাঠ্য হৈছে।•••আইদেউৰ সুৱলা ৰচনাই ভৱিষ্যতলৈও আমাৰ সাহিত্য ভঁৰাল পুষ্ট কৰাত সহায় কৰিব বুলি আশা কৰিছোঁ...”

বাতৰি ১২ আঘোণ ১৮৫৩ শক

 “...বেচ ৷৹ বেছি হোৱা নাই। ছাপা বন্ধা ভাল৷ .... এই এধানমান পুথিখনত সুবিখ্যাত আৰব্যোপন্যাসৰ “এহেজাৰ এৰাতিৰ’’ এটা সাধু সৰল সহজ ভাষাৰে অসমীয়ালৈ ভাঙি অসমীয়া ৰাইজৰ শলাগৰ পাত্ৰী হৈছে৷ আশা কৰোঁ লেখিকাই তেওঁৰ সুযোগ্য পিতৃ আৰু স্বামীৰ পথ অনুসৰণ কৰি ভৱিষ্যতলৈও নিস্বাৰ্থভাৱে মাতৃভাষাৰ সেৱা কৰিব।”

অসমীয়া, পুহ, ১৮৫৩ শক