সমললৈ যাওক

পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তৃতীয় দৃশ্য

মাধৱীৰ শোৱনি ঘৰ

মাধৱীৰ গীত

আহাঁ আহাঁ, সখি! আহাঁ;
 মোহন অতিথি! আহাঁ!
বাঞ্ছিত তুমি, অযাচিতে আহি
 হৃদি-আসনত বহাঁ৷
কিনো মই সুভাগিনী!
 বিহ-শয়ান সাজি,
ঘুমটি-মগন থাকোঁতে, হে প্ৰিয়!
 দিলা দেখা আহি আজি।
(মোৰ) জঁয় পৰা মালাধাৰি,
 বিৰহ-বিৰস এখনি হিয়া;
চৰণে-পৰশে পলকে পুলকে,
 ইনো কি সৰগী মায়া!

গীত শেষ হোৱাৰ লগে লগে ফুলাম লতাৰ কিৰীটিৰে বসন্ত সোমাই আহে

মাধৱী—কিয় অজি অযাচিতে প্ৰিয় বসন্তৰ
 মোহন মূৰতি হল হঠাতে উদয়।
 মাধৱীৰ ভাগ্য-অচলত? আহাঁ, আহাঁ;
 এখন্তেকো হৃদয়ৰ দুৱাৰ দলিত
 ৰই থাকি তুমি, মোৰ আকুল অতিথি!
 নিদিবা প্ৰাণত হানি বিষম আঘাত।
 কোৱাঁ, শত সুমধুৰ অতীত স্মৃতিৰ
 প্ৰহেলিকা ভেদি, শত নিশাৰ সপোন
 পাৰ হই অহা নৱ প্ৰভাতৰ দৰে,

১৪