পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শেষত পৰমপূজ্যপাদ অসম সাহিত্যসভাৰ ভূতপূৰ্ব্ব ঘাই সম্পাদক বৰ্ত্তমান আসাম উপত্যকাৰ স্কুল সমূহৰ ইনিস্পেক্টৰ শ্ৰীল শ্ৰীযুক্ত শৰৎ চন্দ্ৰ গোস্বামী মহোদয়ৰ উৎসাহ উপদেশত হে ইয়াক লিখি আসাম সাহিত্য সভালৈ পঠোৱা হয়৷
 যােৱা ১৯২৭।৮,৯ অক্টোবৰত গােৱালপাৰা সাহিত্য সভাৰ পৰা অঙ্কৰ গণনা দেখুৱাই ঘূৰি আহোঁতে জাহাজত বহুতৰ লগত অঙ্কৰ কথা হওঁ। মাননীয় শ্ৰীযুক্ত কালী ৰাম মেধি ই, এ, চি, মাননীয় ৰায় বাহাদুৰ শ্ৰীযুক্ত ৰাধাকান্ত সন্দিকৈ আৰু দেশহিতৈষী নেতা শ্ৰীলশ্ৰীযুক্ত নবীন চন্দ্ৰ বৰদলৈৰ নাম উল্লেখ যােগ্য৷ উক্ত [বৰদলৈ] মহাশয়ে সেই সময়ত গুৱাহাটীৰ নিজ ঘৰত [১১।১০।২৭ ইং তাৰিখে] বিচাৰ কৰি আমাক অঙ্ক কিছু দি মনত আগ্ৰহ জন্মায়। এই সময়তেই গুৱাহাটীত শ্ৰদ্ধাপদ কটন কলেজৰ গণিতৰ অধ্যাপক শ্ৰীযুক্ত হৰিচন্দ্ৰ সেন আৰু শ্ৰীযুক্ত ...... মহাশয়ৰ লগত অঙ্কৰ আলােচনা হয়।
 অসম সাহিত্য সভাই বহুত সময় খৰছ কৰি আমাক উৎসাহ আৰু সহায় দিলে। ঘাইকৈ সভাৰ সম্পাদক মাননীয় পূৰ্ণানন্দ শৰ্ম্মা আৰু পূজনীয় শ্ৰীযুক্ত হৰিনাৰায়ণ দত্ত বৰুৱা মহাশয়ৰ পৰা আমি বহুত সুবিধা পাইছোঁ।
 এইবাবে পাকে প্ৰকাৰে আমি অনেকৰ সহায় পাইছোঁ। মুঠতে ওপৰত লিখা মহাশয় সকলৰ পৰা যথেষ্ট সহায় পাইছোঁ। এই বাবে এই সকলৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আমি দিয়া দুখ বেজাৰৰ বাবে ক্ষমা খুজিছোঁ।
 পুনৰ ৭।৩।২০ তাং পৰা ক্ৰমাৎ গোৱালপাৰা, শালকোচি, বিলাসীপাৰা, বৰপেটা, গুৱাহাটী, তেজপুৰ, জামুগুৰি, যােৰহাট আদিত দুমাহ ভ্ৰমণ কৰা হয়। লগে লগে নানা ঠাইত হাইস্কুল, নৰ্ম্মাল স্কুল, সাহিত্য সভা হলত আমাৰ 'কৌতুক' অঙ্ক দেখুৱা হয়। কাইথেলী অঙ্ক ২।১টা দেখি পুনঃ সাহিত্য সভাৰ কাৰ্য্যনিৰ্ব্বাহক সভাই ২৭।৪।৩ও তাং অঙ্ক অনুসন্ধানৰ অৰ্থে ২০০ টকা লৈকে মঞ্জুৰ কৰিছে৷ আমাৰ আশা ৰাইজৰ উৎসাহত আমিও উৎসাহ পাম৷
          বিনীত—
         শ্ৰীদণ্ডীৰাম দত্ত৷