পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

পচিশ গাক আনি চাৰি দিয়া পূৰা। পাচ দিয়া তাহাৰ যে ভাগ তাতে হৰা। হৰিলত অঙ্ক জানা যতেক যে হয়। সেহি খনি পকা লেছা নাহিকে সংশয়। তেবে চাৰি কঠাক যে দোন কৰি জান। কহিয়াে কায়স্থ সব ইহাৰ প্ৰমাণঃ একপূৰা মাটি ধৰিলেক এক জন । দীর্ঘ নাহি কয় তাক লীলা বচন। পথালী জুথিলা চাৰিটাৰ যে আছর। কহিয়ো কায়স্থ দীর্ঘ কতেক লাগায় । শুনিয়া কায়স্থে পাছে মনে গুনি চাইল। চাৰি শত অঙ্ক আনি পূৰায়ে পূৰিলা। প্ৰ দিয়া হৰিলত লন্ধ যত পায়। সেহি থানি দীর্ঘ অঙ্ক নাহিকে সংশয়। আৰু এক মাটি ধৰিবাক এক জন। দীর্থ নাহি কয় তাৰ বুন্সিল বচন। পথালী জুখিলা দহ আঙ্গুল আছয়। কহিয়ো কায়স্থ দীর্ঘ কতেক গল্প শুনিয়া বায়স্থে পাছে মনে গুনি চাইল। চাৰি শত অস্ক আনি পূৰায়ে পূৰিল। সেহি অঞ্চ খানিক যে ছত্রিশে পৃৰিবা। একূন কৰিয়া অঙ্ক বুন্দা শেষে দিবা। সেহি থানি গও বুলি জানিবাহা সাৰে। প্রস্থ দুগুণ কৰি হৰিবা সত্বৰে।