পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পৰমপূজ্যপাদ শ্ৰীযুত প্ৰসন্ন নাৰায়ণ চৌধুৰী মহাশয়ে এই অঙ্কৰ কথা কৈ উৎসাহ দিয়ে আৰু [মাখিবাঁহা গাঁৱৰে] মাননীয় ভূতপূৰ্ব কাইথেলী বিদ্যাৰ বুঢ়া পণ্ডিত (১৯২৬ চনত মৃত্যু) ৺বুদ্ধি নাৰায়ণ চৌধুৰী মহাশয়ে বহুত অঙ্ক মুখেৰে কয় আৰু আখৰ শিকায়৷ শুকাইকুছিৰ শ্ৰীযুত ৰত্ন সেন চৌধুৰী সময়ত লগ হৈ ফুৰি সহায় কৰে৷ তাৰ পাছত কলিকাতাৰ শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত বিজয়ভূষণ ঘােষ চৌধুৰী [আসাম পৰ্য্যটক] মহাশয়ে আমাৰ কৌতুক পুথিৰ অঙ্ক দেখি অঙ্ক চৰ্চ্চাত উৎসাহ দিয়ে৷ তেওঁৰ প্ৰাচীন অঙ্ক সংগ্ৰহৰ আগ্ৰহত উৎসাহ লভি একেলগে ফুৰি ১৯২৫।১০ মাৰ্চ্চ [মঙ্গলবাৰ দৌলপূজা] সৰভােগৰ অনাৰবেল ৰায়বাহাদুৰ শ্ৰীযুক্ত ৰজনী কান্ত চৌধুৰী মহাশয়ৰ ঘৰৰ পৰা চকচকা, ৰহা ঝাউবাৰী আদিত সিদিনাই ২৭ মাইল ফুৰিছিলোঁ৷ [ঝাউবাৰীৰ শ্ৰীযুক্ত গোপীমােহন গােস্বামী মহাশয়ৰ ঘৰত অসংখ্য পুৰণি পুথি আছে] এই পৰ্য্যটক মহাশয়ে কলিকতাৰ কেজনমান সম্ভ্ৰান্ত বিদ্যানুৰাগী সদাশয় ব্যক্তিৰ লগত আমাক চিনাকী কৰিদি অনেক যত্ন কৰিছে৷
 ইয়াৰ পাছত ১৯২৫ চনত নগাঁও সাহিত্যসভাত আমাৰ অঙ্কৰ গণনা দেখুৱাবলৈ শ্ৰদ্ধাস্পদ শ্ৰীল শ্ৰীযুক্ত জ্ঞানদাভিৰাম বৰুৱা বাৰ এট্‌ ল প্ৰিন্সিপাল মহাশয়ে সুযােগ দিয়ে৷ আৰু আমাৰ কৌতুকপূৰ্ণ অঙ্কবােৰ মন্ত্ৰৰ নিচিনা কৰা বুলি সাহিত্য সভাৰ গণ্যমান্য বিশিষ্ট বহুত সভাৰ লগত চিনাকি কৰি দিয়ে৷ গুৱাহাটীত এইজন সদাশয় পুৰুষে আমাক অনেক উপদেশ আৰু উৎসাহ দিছে৷
 গণন বিদ্যাৰ নিপুণতা দেখি [১৯২৫।২৮ ডিচেম্বৰ ৰাতি নগাঁওত মাননীয় সাহিত্যিক শ্ৰীযুত চন্দ্ৰধৰ বৰুৱা আৰু মনোমতী আদিৰ লিখক প্ৰবীণ সাহিত্যিক শ্ৰীযুক্ত ৰজনীকান্ত বৰদলৈ মহাশয়ে আমাক আনন্দপূৰ্ণ উৎসাহ দিছে৷