পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| [ ১৬ ] কহিও কায়স্থ সব কিতাপত চাই। কতেক যে তিৰি ভৈলা দিওক বুজায়। ভাঙনী :--তাহাব ভাঙনী কথা শুনা মহাশয়। চল্লিশ সেৰে মােণ জানিবা নিশ্চয়। সেহি চল্লিশক ন দিয়া পুৰি। সেৰক বুজিবা তাতে কহে৷ নিস্ত কৰি। বত্রিশ অধিক চাৰি শত জানিওক। আশী দিয়া পূৰি তাকে তোলা কৰিওক ছিয়াবৈ পূৰি পুনঃ ৰতি বুজিওক। ন দিয়া পুৰি লিখি কন্যাক লওক। ইটো কথা এহিমানে সংহৰিয়া থওঁ। শুনা পাছে যেন ভৈল তাৰ কথা কওঁ। উত্তৰ ২৪৮৮৩২০০ তিৰি। (বকুল) ১৮। গােবিন্দ সেবিবে মনে কষ্যগণ গৈলা পৰম আনন্দে গৈয়া নিকট চাপিল। স্তুতি স্রোত্ৰ কৰি, সবে কৃষ্ণক ভলি তিত সস্তুষ্ট হুইয়া বস্ত্র এক দিল। সেই বস্ত্র কন্যাগণ চৌপাশে ধৰিলা। চাচাৰি আঙুল বস্তু সবেও লভিলা। গৃহে গৈয়া কন্যাগণে বাতিয়া লৈলন্ত। প্রস্থে দুই হস্ত দীর্ঘে আঠ হস্ত পাইল শুনিও কায়স্থ সব স্থিৰ কৰি মন। কত কন্যা কত বস্ত্র কহিও যতন।