পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নিবেদন৷

 হাই ও মজলীয়া স্কুলীয়া লৰাৰ লগত কাইথেলী অঙ্ক আলােচনা কৰা হৈছিল৷ তেওঁলােকে চুটিৰ পাছতো এই অঙ্ক কৰি তৃপ্তি পাইছিল৷
 প্ৰায় ছ কুৰি বছৰ আগতে এই জ্যোতিষীয়া গণন বিদ্যাৰ চৰ্চা কৰি কায়স্থ সকলে প্ৰাচীন কামৰূপত খ্যাতি আৰ্জ্জিছিল৷
 বৰ্তমানত ই আদৰণীয় হব বুলি আৰু পুৰণি চিন লােপ হক ভাবি ইয়াক সংগ্ৰহ কৰি অহোপুৰুষাৰ্থেৰে অঙ্কবোৰ কৰি অনেক দিনৰ মূৰত সম্পাদন কৰা হল৷ আসাম সাহিত্য সভাৰ মতত ঘূৰাই পকাই কাম কৰাত পুথি প্ৰকাশত দেৰি হল৷ পুথিখন পৰীক্ষা কৰি এই সভাই আমাক উৎসাহ দিছে৷ সেই বাবে উক্ত সভাৰ প্ৰতি আমাৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ৷
 ইয়াক ভিন্ন প্ৰদেশৰ লোকে আমাৰ হাতৰ পৰা নিবৰ যত্ন কৰিছিল৷ আসাম গবৰ্ণমেণ্টে প্ৰকাশ কৰাৰ কাৰণেও ২।১জন বিশিষ্ট সম্ভ্ৰান্ত লােকে যত্ন কৰি আমাক জনাইছিল৷ কিন্তু নানান কাৰণে ই প্ৰকাশ নহল৷ এই পুথি সম্বন্ধে আমি অনেকৰ পৰা উৎসাহ আৰু উপদেশ পাইছোঁ৷ ৷ সেই সকলৰ ওচৰত আমাৰ ত্ৰুটি ক্ষমা মাগি কৃতজ্ঞতা জনাইছোঁ৷

(বেলশৰ—কামৰূপ)
১৮২২ শক৷

নিবেদক —
শ্ৰীদণ্ডী ৰাম দত্ত৷
 

Opinion.

 Copy of certificate granted by the Deputy Inspectors and Head Masters of Assam Valley at the Conference held at Jorhat on 2.5.30.
 We have great pleasur in introducing Sjt, Dandi Ram Datta, teacher of Bagrihati M. V. School, Gauhati for his publication of a book named “Kautuk" which is a small volume of arithmatical riddles of his own discovery. The book deals with some old “Kaitheli" arithmetic