পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীকৃষ্ণায় নমঃ৷

-দ্বিতীয় অধ্যায়
___________
আৰম্ভণ৷

চুৰামণি৷
জয় জয় অনাদি ঈশ্বৰ ভগৱন্ত৷
জয় জয় ব্ৰহ্মা বিষ্ণু মহেশ অনন্ত৷
হেয় কৃষ্ণক কৰোঁ প্ৰণতি সৰ্ব্বথা৷
বিৰচিলা চুড়ামণি কিতাপৰ কথা৷
অগাধ শাস্ত্ৰৰ কথা বুজিব নােৱাৰি৷
মহেশৰ আগে পূৰ্ব্বে কহি আছে হৰি৷
পৰম গোপনি শাস্ত্ৰ মধ্যৰ কথাটি৷
শুনিলােৱা কায়স্থৰ বুদ্ধিৰেই আটি৷
ইটো শাস্ত্ৰ কথা কেৱে নজানন্ত আনে৷
কেৱল সহজে মাত্ৰ জানে মহাদেৱে৷
ইক্ষাকু কুৰু আদি কৰি যত ৰজা ছৈলা৷
ইটো শাস্ত্ৰ তাৰা সবে বিচাৰিবে লৈলা৷
বন্ধন আনন্দ সবে কিছু ধন পাইলা৷
তাৰা সবে আনি তাক প্ৰচাৰ কৰিল৷