পৃষ্ঠা:কনফুচিয়াছ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
কনফুচিয়াছ

এই জগত আৰু জগতবাসী মানবৰ কল্যাণকামী নৈতিক সূত্ৰক কেতিয়াও আওকাণ কৰা নাই। তেওঁলোকৰ দৰ্শনত সদায় এটা জাগতিক দৃষ্টি আছে আৰু দাৰ্শনিক চিন্তাত যিমানেই উচ্চলৈ নাযাওক ব্যৱহাৰিক জগতখন তেওঁলোকৰ দৃষ্টিৰ কেতিয়াও আঁৰ হোৱা নাই।

 চীনদেশৰ মহান দাৰ্শনিকসকলৰ ভিতৰত লাওৎছেই প্ৰথম দাৰ্শনিক। লাওৎছে খৃঃ পূঃ ৫৯০ চন মানত জন্ম গ্ৰহণ কৰে। লাওৎছেৰ জীৱনী সম্বন্ধে বিশেষ একো জনা নাযায়। ছাও জিলাৰ অন্তৰ্গত কেউহজিন গাৱঁত লাওৎছেৰ জন্ম হয়। তেওঁৰ পিতাক লি বৰ দুখীয়া মানুহ আছিল। সৰুতে লাওৎছেৰ নাম আছিল লি-পেহ-য়াঙ। তেওঁ ডেকা কালতে লো-ইয়াঙ নগৰৰ সাম্ৰাজ্যিক পুথিভড়ালৰ অধ্যক্ষ পদ লয় আৰু বহুবছৰ এই পদতে থাকে।

 সাম্ৰাজ্যিক পুথিভড়ালত কাম কৰি থকা সময়ছোৱাত লি পেহ য়াঙে চীনদেশৰ গ্ৰন্থৰাজি অধ্যয়ন কৰিবলৈ সুবিধা পায় আৰু খৰচি মাৰি পঢ়ে। পিচত যেতিয়া তেওঁ দৰ্শন আৰু ধৰ্ম্ম সম্পৰ্কে তেওঁৰ মতবাদ প্ৰকাশ কৰিব ধৰিলে তেওঁ সকলোৰে শ্ৰদ্ধাভাজন আৰু প্ৰশংসাৰ পাত্ৰ হৈ পৰিল। তেতিয়া তেওঁৰ গুণমুগ্ধ মানুহবিলাকে তেওঁক লাওৎছে বা বুঢ়া দাৰ্শনিক বুলিব ধৰিলে আৰু অৱশেষত তেওঁৰ সৰুকালিৰ নাম তলপৰি জগতত লাওৎছে নামেৰেই জনাজাত হ’ল। লাওৎছেৰ দাৰ্শনিক