কিবা সুধিলে মই সেই বিষয়টো পৰিষ্কাৰকৈ নুবুজালৈকে সেই বিষয়ে সকলো আঁতিগুৰি মাৰি বিশ্লেষণ কৰোঁ। মোৰ নিচিনা জ্ঞানী মানুহো বহুত আছে কিন্তু বহুতৰে শিক্ষাৰ প্ৰতি আগ্ৰহ নাই আৰু কমৰেহে শিক্ষাৰ প্ৰতি আসক্তি আছে।”
“বাৰু কচোন, এজন মানুহক কেতিয়া ধনুৰ্বিদ্যাত পাৰ্গত বুলিব পাৰি?” কথাখিনি কৈ অঁতাই কনফুচিয়াছে এই প্ৰশ্নটো কৰি নাতিয়েকৰ মুখলৈ চালে।
কেইহে উত্তৰ দিলে “যেতিয়া মানুহটোৰ লক্ষ্য স্থিৰ হয় বা হাত ঠিক হয়।”
“শিক্ষা সম্পৰ্কেও সেই একেই কথা।” কনফুচিয়াছে কবলৈ ধৰিলে। “লক্ষ্যবস্তুটো ভেদ কৰিব পাৰিলেনে নাই ধনুৰ্বিদ্যাৰ পাৰ্গতালিত সি আচল কথা নহয়। আচল কথা হ’ল তাৰ লক্ষ্য স্থিৰ হৈছে নে নাই। সেইদৰে মানুহৰ শিক্ষা সম্পৰ্কেও সজ আচৰণ, সাধুতা, সম্যক জ্ঞান যাৰ লক্ষ্যত আছে আৰু যাৰ লক্ষ্য এই কথা কেইটাৰ প্ৰতি স্থিৰ হৈছে তাকেইহে শিক্ষা পোৱা বুলিব লাগে। শিক্ষা অনুশীলন কৰা কালত অতি সদায় বৰ্জ্জনীয়। গন্তব্য স্থানলৈ যাব নোৱাৰাটো বেয়া। আনপিনে আকৌ গন্তব্যস্থান অতিক্ৰম কৰি যোৱাটোও ভাল নহয়। যি সকল দুইপিনৰে অতিমাত্ৰা বৰ্জ্জন কৰি মধ্যপন্থা অবলম্বন কৰে তেওঁলোকহে প্ৰকৃত শিক্ষা পাইছে।”
কেইহে প্ৰশ্ন কৰিলে— “কিন্তু এজন মানুহে যিমানখিনি পৰ্য্যন্ত যাব লাগে সেইখিনিহে গৈছে, তাতকৈ বেচি যোৱা