পৃষ্ঠা:কনফুচিয়াছ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
কনফুচিয়াছ

 কনফুচিয়াছ স্বদেশলৈ প্ৰত্যাৱৰ্ত্তন কৰা সময়ত তেওঁৰ বয়স সত্তৰ বছৰৰ ওচৰাওচৰি। পোন্ধৰ বছৰীয়া সুদীৰ্ঘ ভ্ৰমণৰ দুখ-কষ্ট আৰু কঠোৰতাই তেওঁৰ আয়ুস কমাই নি আৰু বেচি বুঢ়া কৰিলে। লু প্ৰদেশ এৰি যোৱাৰ সময়ত তেওঁৰ যি উদ্যম, উৎসাহ আৰু শক্তি আছিল এতিয়া সি আৰু নাই। কনফুচিয়াছে লু প্ৰদেশৰ প্ৰধান মন্ত্ৰীত্বৰ দায়িত্ব ললে কিন্তু বাৰ্দ্ধক্যৰ কাৰণে ৰাজনীতিৰ কৰ্ম্মব্যস্ত জীৱনৰ পৰা প্ৰায় অবসৰ লৈ শান্তিৰে জীৱনৰ বাকীছোৱা কাল অধ্যয়ন কৰি কটাবলৈ স্থিৰ কৰিলে। লু প্ৰদেশলৈ অহাৰ পিচত তেওঁৰ জীৱন-বন্তি মাত্ৰ পাঁচবছৰৰ বাবেহে প্ৰদীপিত আছিল আৰু এই সময় ছোৱা কনফুচিয়াছে সাহিত্য, সঙ্গীত, ইতিহাস চৰ্চ্চা কৰি আৰু তেওঁৰ পদ প্ৰান্তত বহি থকা শিষ্যসকলক শিক্ষা দি কটালে। কনফুচিয়াছৰ জীৱনৰ বোধহয় এই পাঁচোটা বছৰেই আটাইতকৈ মূল্যবান সময় আৰু এই পাঁচবছৰৰ ভিতৰত জগতবাসীক তেওঁ যি দান দি গ’ল সি অমূল্য। জীৱনৰ বহুমুখী অভিজ্ঞতা সংগ্ৰহ কৰি শিষ্যসকলক দিয়া উপদেশ আৰু শিক্ষা শিষ্যসকলে লিপিবদ্ধ কৰিছিল আৰু বহুকাল ধৰি চীনৰ সাংস্কৃতিক জীৱন এই শিক্ষাই নিয়ন্ত্ৰিত কৰিছিল। এই কালছোৱাতে কনফুচিয়াছে চুন চিউ কিং বা বসন্ত আৰু শৰৎ নামদি লু প্ৰদেশৰ ২৪২ বছৰৰ এখন ইতিহাস লিখে আৰু চীনদেশৰ কবিতাৱলী লিপিবদ্ধ কৰে। চুন চিউ কিং নামৰ ইতিহাস খনেই কনফুচিয়াছৰ মৌলিক ৰচনা। এই ইতিহাস সম্বন্ধে