সভাত কনফুচিয়াছে সংগ্ৰহ কৰা তথ্য-পাতি বিলাক বিশ্লেষণ কৰি কয়দীবিলাকৰ মানসিক আৰু সামাজিক অবস্থাৰ এটা প্ৰাঞ্জল চিত্ৰ ডাঙি ধৰিলে। তেওঁ বিষয়াবিলাকক সম্বোধন কৰি কবলৈ ধৰিলে “মই আমাৰ দেশৰ কাৰাগাৰবিলাক ভালকৈ পৰীক্ষা কৰি চালো। কয়দীবিলাকক পৰীক্ষা কৰি মই এই সত্যত উপনীত হৈছো যে আমাৰ দেশৰ কাৰাগাৰ বিলাকত আটক হৈ থকা কয়দীবিলাকৰ প্ৰায় আটাইবোৰেই অতি দুখীয়া বা অতি দুখীয়া মানুহৰ সন্তান। সিহঁতৰ প্ৰায় আটাইবোৰেই অজ্ঞ আৰু অশিক্ষিত নাইবা অজ্ঞ আৰু অশিক্ষিত মানুহৰ সন্তান। মোৰ মনত এইটোৱেই ধাৰণা হৈছে যে আৰ্থিক দুৰবস্থা, অজ্ঞতা আৰু শিক্ষাৰ অভাবেই মানুহৰ কুকাৰ্য্যৰ বাবে দায়ী। অভাবত পৰি নাইবা অজ্ঞতাৰ কাৰণে নুবুজি মানুহে আইন ভঙ্গ কৰে আৰু অবশেষত বিচাৰত দোষী সাব্যস্ত হৈ নিৰ্য্যাতন ভোগ কৰিব লগা হয়। এতেকে আমি যদি অভাব অনাটন আৰু অজ্ঞতা দেশৰ পৰা দূৰ কৰিব পাৰো তেন্তে নিশ্চয় আমাৰ দেশত মানুহে দোষণীয় কুকাৰ্য্য কৰিবলৈ এৰিব আৰু লগে লগে এই কাৰাগাৰ বিলাকত নিৰ্য্যাতন ভোগ কৰি থকা মানুহবিলাক উপযুক্ত নাগৰিক হৈ দেশৰ শ্ৰীবৃদ্ধিত বৰঙনি যোগাব পাৰিব।” তেতিয়া এজন বিচাৰকে সুধিলে “কিন্তু দেশৰ দৰিদ্ৰতা আৰু অজ্ঞানতা কেনেকৈ গুচাব পাৰিব।”
কনফুচিয়াছে উত্তৰ দিলে “অজ্ঞানতা গুচাবলৈ আমি শিক্ষা প্ৰচাৰ কৰিব লাগিব। সুশিক্ষাৰ জৰিয়তে দেশৰ অজ্ঞতা