পৃষ্ঠা:কনফুচিয়াছ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
কনফুচিয়াছ

কৰিও তেওঁৰ পঢ়াশুনাৰ প্ৰতি যথেষ্ট ধাউতি ৰাখিব পাৰিছিল। ১৫ বছৰ বয়সত চিউৱে সন্ন্যাসী হবলৈ স্থিৰ কৰে বুলিও এটা প্ৰবাদ আছে।

 বিয়া-বাৰু কৰাই সংসাৰী হলেও সংসাৰৰ লেঠাই চিউকুঙক বৰ বান্ধ খুৱাব নোৱাৰিছিল। ছাত্ৰ অৱস্থাৰ দৰেই তেওঁ সদায় পঢ়াশুনা কৰি কটাইছিল। তেওঁৰ মনত এটা চিন্তাই বৰ দকৈ শিপাইছিল— সজশিক্ষা আৰু সজশাসন এই দুটাৰ সময় কেনেকৈ স্থায়ী কৰিব পাৰি। তেওঁৰ অন্তৰতো এনে এটা ভাবে উকি মাৰিছিল যে তেওঁ অকল শিক্ষিত হলেই নহব, তেওঁ সাধুশাসক হব লাগিব আৰু তেৱেঁই সুশিক্ষা আৰু সুশাসনৰ সমন্বয় ঘটাই জগতবাসীৰ আগত এটা মূৰ্ত্ত আদৰ্শ ডাঙি ধৰিব। এই সুযোগ তেওঁ সোনকালেই পালে।

 বিয়াৰ কিছুদিন পিছতে চিউকুঙে এটা চৰকাৰী পদ পায়। তেওঁ সেই প্ৰদেশৰ ৰজাৰ তলত ভৰাল ৰখীয়া বাব পায়। সেই সময়ৰ ভৰালীবাব আজিকালিৰ কোষাধ্যক্ষৰ দৰেই আছিল। নিচেই কম বয়স হলেও তেওঁ চৰকাৰী পদত সোমাই দক্ষতাৰে কাম কৰে আৰু সুচাৰু ৰূপে কাম কৰিব পৰাকৈ সংস্কাৰ কৰি লয়। তেওঁ প্ৰবৰ্ত্তন কৰা সংস্কাৰসমূহ ইমান সৰল আৰু প্ৰয়োজনীয় আছিল যে সিবিলাকৰ কাৰ্য্যকাৰিতাত তুষ্ট হৈ ছাও দেশৰ মন্ত্ৰীয়ে তেওঁক কৃষিদপ্তৰৰ মুখ্যবিষয়া পদলৈ উত্তীৰ্ণ কৰিলে। ৰাজকৰ্ম্মচাৰী হিচাবে চিউ আছিল কৰ্ত্তব্যপৰায়ণ, বিশ্বাসী এক অক্লান্ত কৰ্ম্মী। সমস্যবহুল আৰু অতি দ্বায়িত্ব-