এই আখ্যানৰ মূল্য যিয়েই নহওক লাগে, কনফুচিয়াছে যে চীনৰ জনসাধাৰণৰ মানত দেৱতাসদৃশ আছিল তাক সকলোৱে স্বীকাৰ কৰে।
কনফুচিয়াছৰ সৰুকালিত নাম আছিল চিউ। চিউৰ তিনি বছৰ পূৰ হবলৈ নৌপাওঁতেই পিতাক শ্বুহলিয়াঙহেইহ্ৰ মৃত্যু হয়।
শ্বুহলিয়াঙহেইহ্ ছাওদেশৰ শাসনকৰ্ত্তা আছিল যদিও তেওঁৰ নিজৰ আৰ্থিক অৱস্থা মুঠেই টনকিয়াল নাছিল। দেশৰ সেৱাই তেওঁৰ ব্ৰত আছিল আৰু দেশৰ উন্নতিৰ কাৰণেই একান্ত আত্মনিয়োগ কৰাৰ বাবে ব্যক্তিগত জীৱনৰ ধনসম্পদৰ কথা একো নাভাবিছিল। এতেকে শ্বুহলিয়াঙৰ মৃত্যুৰ পিচত তেওঁৰ ঘৈণীয়েক চীঙছাই বৰ আৰ্থিক দুৰবস্থাত পৰে। তথাপি নানা কষ্টৰ মাজেদিও একমাত্ৰ লৰা চিউক ভাল শিক্ষা দিবলৈ ব্যৱস্থা কৰে। চিউ বৰ বুধিয়ক লৰা আছিল আৰু শিক্ষক সকলে অতি কম বয়সতে তেওঁৰ তীক্ষ্ণ বুদ্ধিবৃত্তিৰ পৰিচয় পাই বৰ প্ৰশংসা কৰিছিল। শিক্ষকসকলৰ মুখে নিজৰ পুতেকৰ প্ৰশংসা শুনি মাকৰ অন্তৰ আনন্দত নাচি উঠিছিল আৰু পুতেকৰ শিক্ষাৰ বাবে তেওঁ সকলো ত্যাগ স্বীকাৰ কৰিবলৈ মনস্থ কৰিছিল। অৰ্থকষ্ট বা অইন সুযোগৰ অভাৱত যাতে চিউৰ পঢ়াশুনাত কোনো ব্যাঘাত নজন্মে, তাৰ বাবে মাক