যেন সেই অৰ্থতহে ব্যৱহাৰ হয় আৰু প্ৰকৃত অৰ্থ প্ৰকাশক হয়। অৰ্থাৎ সমাজ-ব্যৱস্থা এনে সুশৃঙ্খলিত হোৱা উচিত যাতে সামাজিক অনুস্থান আৰু ব্যক্তিৰ পৰস্পৰ সমন্ধ আদৰ্শমূলক হয়। এনে সমাজত ৰজাই প্ৰকৃত ৰজাৰ দায়িত্ব পালন কৰিব, কৰ্ম্মচাৰী সকল অনুগত, বিশ্বাসী আৰু কৰ্ত্তব্যপৰায়ণ হব, পিতৃৰ পিতৃত্ব আৰু সন্তানৰ বাৎসল্য ভাৱ থাকিব। আইনে আইনৰ মৰ্য্যাদা ৰক্ষা কৰিব, শান্তি বা পুৰস্কাৰ বিধিসম্মত আৰু ন্যায়সঙ্গত হব; সমাজৰ প্ৰত্যেক ব্যক্তিয়ে নিজৰ মৰ্য্যাদা অনুসৰি নিজ নিজ কৰ্ত্তব্য পালন কৰিব। কনফুচিয়াছে স্থাপন কৰিব ওলাইছিল এনে এখন আদৰ্শ ৰাজ্য। খৃঃ পূঃ ৭২২ চনৰ পৰা খৃঃ পূঃ ৪৮০ চনলৈকে লু দেশৰ ইতিহাস সঙ্কলন কৰি কনফুচিয়াছে শব্দৰ যথাৰ্থ অৰ্থ ব্যাখ্যা কৰি দেখুৱাইছিল কোন শাসক প্ৰকৃত শাসক নামৰ যোগ্য আছিল, কোন বিষয়া অযোগ্য আছিল; কোন সময়ত কোন ৰীতি-নীতি সেই নামৰ অযোগ্য হৈছিল; ইত্যাদি।
কনফুচিয়াছে সেই সময়ত প্ৰবৰ্ত্তিত আৰু পুৰণি কালৰ পৰা চলি অহা ৰীতি-নীতি, নৈতিক বচন, ধৰ্ম্মাচৰণ আদি সম্পাদনা কৰি উলিয়াইছিল আৰু শিষ্যসকলক এইবিলাকৰ তাৎপৰ্য্য বুজাই শিক্ষা দিছিল। এই আচাৰ-ব্যবহাৰ, ৰীতি-নীতিৰ সমষ্টিক তেওঁ লী (Li) বুলিছিল। লী মানে হল ন্যায়পৰায়ণতা আৰু ইয়াকে মূলনীতি বুলি মাৰি লৈ ইয়াৰ মাজেদি কনফুচিয়াছে মানুহৰ ব্যক্তিগত আচৰণ আৰু সততা,