প্ৰতিপাদন কৰিব নোৱাৰি তেন্তে চৰিত্ৰনীতি বা সঙ্গীত-নীতি একোকে স্থাপন কৰিব নোৱাৰি। যদি চৰিত্ৰ-ৰীতি বা সঙ্গীত-নীতি স্থাপন কৰিব নোৱাৰি তেন্তে আইন-কানুনত বিসঙ্গতিয়ে দেখা দিব আৰু আইনৰ দোহাই দি কৰা শাস্তিবিধান ন্যায়সঙ্গত নহব। যদি আইন আৰু শাসনবিধি নীতিসন্মত আৰু ন্যায়সঙ্গত নহয় তেন্তে মানুহে ক’ত হাত থব, ক’ত ভৰি থব, কি কাম কৰা উচিত, কি কাম কৰা অনুচিত একো ঠিৰাং কৰিব নোৱাৰিব। সেইকাৰণে উচ্চমনা লোকে শব্দই যাতে প্ৰকৃত অৰ্থ প্ৰকাশ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখে আৰু যি কয় তাক কামত খটাবলৈ ইচ্ছা কৰে। মন-বাক্য-কৰ্ম্মত সমন্বয় থাকিব লাগে। সেয়েহে উচ্চমনা লোকে কথা-বতৰাত কেতিয়াও অসাবধান নহয় আৰু উচিত সময়ত উচিত কথা কয়।”
কনফুচিয়াছৰ মতে যি ক্ষেত্ৰত আচৰণ, কৰ্ত্তব্য, অনুস্থান, সম্বন্ধ আদিয়ে সেইবিলাকৰ শব্দগত প্ৰকৃত অৰ্থ প্ৰকাশ নকৰা হৈ পৰে সেই ক্ষেত্ৰত অৰাজকতা আৰু বুদ্ধিৰ খেলিমেলি অৱস্থা আহি পৰে। “যদি দুশ্চৰিত্ৰ আৰু দুৰ্নীতিপৰায়ণ মানুহ কেইজনমানৰ সমষ্টিক এখন দেশৰ চৰকাৰ বা শাসক বুলিব পাৰি আৰু যদি নিজে কলুষতাত ডুব গৈ আনক সজ পথত চলিব লাগে বুলি চিঞৰি ফুৰাই শাসন কাৰ্য্য চলোৱা হয়, তেন্তে নানা কুতৰ্কৰ জালেৰে ভালক বেয়া আৰু বেয়াক ভাল বুলি প্ৰতিপাদন কৰিব খোজা তাৰ্কিক সকলক কিয় পণ্ডিত নুবুলিবা?”