পৃষ্ঠা:কথা-গীতা.djvu/১৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



ত্ৰয়োদশ অধ্যায়।

 দ্বাদশ অধ্যায়ত কহিছা ভক্তসবক মঞি সংসাৰ সাগৰৰ উদ্ধৰ্তা হঞো৷ তাকে জনাইবে অৰ্থে ত্ৰয়োদশ অধ্যায়ত তত্ত্বজ্ঞান কহিলা। ভক্তক মৃত্যুযুক্ত সংসাৰত তাৰ যি বুলিছা, সি আত্মজ্ঞান বিনে নঘটে। এতেকে আত্মজ্ঞান উপদেশৰ অৰ্থে প্ৰকৃতি পুৰুষ অধ্যায় আৰম্ভ কৰিলা। সপ্তম অধ্যায়ত পৰাঅপৰ ভেদে যি দুই প্ৰকৃতি কহিছা তাৰ অজ্ঞানত জীবৰূপ চিদংশৰ সংসাৰ হয়। যি দুই প্ৰকৃতিয়ে ঈশ্বৰে জীবৰ উপভোগাৰ্থে সৃষ্টি আদিত প্ৰৱৰ্ত্তন্ত সেই দুই প্ৰকৃতিক ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ শব্দে কহে।

 তাকে বিভাগে নিৰূপিবে লাগি শ্ৰীভগৱন্তে কহন্ত। সংসাৰ প্ৰবাহৰ ভূমি পদে এই ভোগায়তন শৰীৰক ক্ষেত্ৰ বুলি। আক যি অহম্মম বুলি মানে তাক ক্ষেত্ৰজ্ঞ কৰি বিবেকীসবে কহে। এমনে সংসাৰীৰ স্বৰূপ কহি তানে পৰমাৰ্থিক অসংসাৰীৰ স্বৰূপ কহন্ত। সকল ক্ষেত্ৰত স্থিত সংসাৰী ক্ষেত্ৰজ্ঞ মোকে জানিবা। বেদত চিদংশে মোৰ ৰূপ কহিছে। আদৰৰ অৰ্থে এই জ্ঞানক স্তুতি কৰন্ত। ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ বিলক্ষণ জ্ঞান মোক্ষ সাধে পদে মোৰ মত বুলি। আন জ্ঞান বন্ধ হেতু পদে বৃথা পাণ্ডিত্য বুঝিবা। যদ্যপি চতুৰ্ব্বিংশতি ভেদ প্ৰকৃতিক সে ক্ষেত্ৰ বুলি তথাপি দেহৰূপে পৰিণাম হৈলে সে অজ্ঞান প্ৰকট হয় এতেকে দেহকে ক্ষেত্ৰ বুলি।