এই কাৰণে সূত্ৰত লিখা আছে, “অসিজীৱি মসীজীৱি দেবলঃ গ্ৰাম যাজক। আতুৰঃ সুপকাৰশ্চ যড়েতে ব্ৰাহ্মণাধমঃ।” ইংৰাজ চাহাব সকলৰ আজিকালি যেনে খানচামা, বেহাৰা আছে, আগৰ ব্ৰাহ্মণ, ক্ষত্ৰিয় সকলৰৰ তেনে আছিল। ৰামায়ণত পোৱা যায়, ৰাম যেতিয়া বনলৈ যায়, তেতিয়া ৰজা দশৰথে আক্ষেপ কৰি কৈছিল যে যি ৰামৰ খোৱা অন্ন, কুণ্ডলধাৰী সূপকাৰীসকলে অনিয়াঅনিকৈ পাক কৰিছিল— সেই ৰামে এতিয়া বনলৈ গৈ কেনেকৈ তিতা, কেহা আদি ৰসযুক্ত বনজাত ফল-মূল খাই জীয়াই থাকিব! “যস্যাহাৰসময়ে সুদাঃ কুণ্ডলধাৰীণঃ অহং পূৰ্ব্বপচন্ত্যামহং পূৰ্বপচন্ত্যামি পচন্ত্যাং পামভোজনম” ইত্যাদি। কৰ্ম্মফলবিবৰ্ত্ত বা ক্ৰমবিকাশ নিয়মতকৈ আন একো নহয়। যি জাতিয়ে স্ত্ৰীজাতিক মাতৃ-ভগিনীৰ দৰে সন্মান নকৰে, সেই জাতি চিৰকাল অধঃপতিত থাকে। এই প্ৰকাৰৰ নৈষ্ঠিকানন্দ স্বামীসকলে ভাৰতবৰ্ষৰ একত্ৰিশ কোটী মানুহৰ ভিতৰত আঠ কোটী মুছলমান হব দিলে আৰু খ্ৰীষ্টানো সম্ভৱতঃ চাৰি পাঁচ কোটী হব। ইয়াৰ বাহিৰে আঠ কোটীমান অস্পৃশ্যজাতি ধৰিলে মুঠতে হিন্দু দহকোটীমান হে গৈ থাকে, গোটেই পৃথিবীত তেৰশ কোটী মানুহৰ বাস। ইয়াৰ ভিতৰত দহকোটী মাত্ৰ নেষ্ঠিক হিন্দু। এইখিনি হিন্দুৱে যে অকলে স্বৰ্গলৈ যাব অইনবিলাক নাযাব তাৰ কিবা অৰ্থ আছেনে? আকৌ এই নৈষ্ঠিকানন্দ স্বামীসকলে পোন প্ৰথমতে মুছলমানসকলক আনি হিন্দু-ৰাজত্ব ধবংস কৰিলে আৰু এইবিলাকে ভাৰতৰ হিন্দুজাতিক চিৰকাল, পৰকালৰ কাৰণে টালি- টোপোলা বান্ধিবলৈ শিক্ষা দি ইহ সংসাৰক মিছা বুজাই হাজাৰে হাজাৰে সন্ন্যাসী সৃষ্টি কৰি হিন্দুজাতিটিক অসাৰ কৰি পেলালে। এতেকে হে নৈষ্ঠিকানন্দ স্বামীসকল! আপোনালোেক মনে মনে থাকক;
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৮০
অৱয়ব