পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
কঃ পন্থাঃ

নগৰত, কি গাঁৱত সকলো ঠাইতে ধৰ্ম্মৰ দোকান পাতি মূৰ্খক দেৱতাসকলৰ ভয় আৰু যমৰজাৰ নগৰৰ নৰককুণ্ডৰ ভয় দেখাই নিজে অৰ্থ উপাৰ্জ্জন কৰি বহি আছে। এই ভাৰতবৰ্ষৰ মৰি পচি যোৱা জকাটিৰো ৰক্ষা নাই, কাৰণ তাকে লাখে লাখে সাধু নাম– ধাৰী সন্ন্যাসী, ফকিৰ, সনাতন ধৰ্ম্মৰক্ষাকাৰী নৈষ্ঠিকানন্দ স্বামী আৰু আধ্যাত্মিক ধৰ্ম্মৰক্ষাকাৰী মহামহোপাধ্যায়সকলে আহি খছকি মছকি ঘুগুলা-ঘুগুল কৰে। হিন্দুধৰ্ম্ম মুছলমানধৰ্ম্ম খ্ৰীষ্টিয়ান ধৰ্ম্ম আৰু বৌদ্ধধৰ্ম্ম, এনেবিলাক ধৰ্ম্মৰ নামকৰণ মূলত একে সত্যধৰ্ম্ম- কেই ভাগভাগকৈ কেৱল প্ৰত্যেক সম্প্ৰদায়ৰ বামুণবিলাকে শাস্ত্ৰ কৰিছে। মুঠতে দেখিবলৈ গলে সৃষ্টিৰহস্যৰ গুৰিতে তিনটি গুণ দেখা যায়—সত্ব, ৰজ আৰু তম। ইংৰাজী ভাষাত ইয়াৰ নাম, Construction, Protection & Destruction. তেনেহলে এই তিনটি গুণ ভাবি দেখিলে আচল সৃষ্টিকৰা আৰু এই সৃষ্টিৰক্ষাকাৰী গুণেই ধৰ্ম্ম। ধৰ্ম্ম অৰ্থে ধৃ ধাতু ধৰি ৰখাক বুজায় আৰু অসমীয়া কথাত ধৰ্ম্মক ধৰণি বোলে। মুঠতে কবলৈ গলে যিহে ধৰি ৰাখে তাকে ধৰ্ম্ম বোলে। এতিয়া চাব লগা হৈছে, কি বস্তুটিক ধৰ্ম্ম বোলে। ধৰ্ম্মৰ আচল অৰ্থে স্বভাৱক বুজায়, যেনে জুইৰ ধৰ্ম্ম দাহন কৰা, জলৰ ধৰ্ম্ম সিক্ত কৰা, তেনেহলে মানুহৰ ধৰ্ম্ম কি? মানুহৰ ধৰ্ম্ম জ্ঞান শিক্ষা কৰা আৰু তাক প্ৰচাৰ কৰা। জ্ঞান আকৌ কেনে আন। ইন্দ্ৰিয়জ্ঞান সকলো জীৱৰেই আছে। জ্ঞান অৰ্থে তাকেই বুজায়নে? নহয়। মানুহৰ ন্যায়-অন্যায় পাপ-পুন্য হক-বেহক আৰু ভাল-বেয়া বিচাৰ কৰা যিটি শক্তি সেই শক্তিটিৰ শলিতাগছ ভাল দৰে উজলাই লোৱা কথাটিকেই জ্ঞানশিক্ষা বোলে। যিটি শক্তিৰ শলিতা মানৱাত্মাৰ অন্তৰত আছে তাকেই বিবেক ৰোলে। এই বিবেক