বৰ ছাত্ৰসকলে কোৱা-মেলা কৰিব ধৰিলে। আমিনো এতিয়া কোনট বাটে যাওঁ। এজনে কব এটি দৰে আনটিয়ে কব আন, কৰে—এতিয়া কাৰ কথাকনো সঁচা মানো? এইবিলাক কথা বি এ কেশ্বৰ ৰাৈগীয়ে ছাত্ৰসকলে কোৱাকুই কৰা শুনি থিয়দি কবৰ ধৰিলে, “হে ছাত্ৰসকল। হে ৰাইজসকল! এতিয়া বেলি মাৰ যাও যাও হৈছে, আই এষাৰদিয়ে কথা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰ। ৰা কেটা, তাত অনেক বাট মিলিছেহি। বুদ্ধিমান পৰিশ্ৰমী নিজৰ চলাচল আৰু গাডী ঘোৰাৰ অহাযোৱাৰ সুবিধাৰ অৰ্থে সেই বাট শিলেৰে পকাকৈ বান্ধি লৈছে, কোনোৱে খুলি মাটিৰে বান্ধিছে, আকৌ কোনোৱে বা বন্ধাই নাই। এইবিলা- কৰ ভিতৰত সত্যশিলেৰে বান্ধোৱা পকা বাটটিয়েই সত্য উৎকৃষ্ট আৰু যিবিলাকে তাক কৰিছে সেই মানুহবিলাকেই অইন বিলাকতকৈ শ্ৰেষ্ঠ আৰু প্ৰশংসনীয়। নৈষ্ঠিকতা কিহক বলে? নিজক পৱিত্ৰ ভাবি আনক ঘিণ কৰাটোকেই নৈষ্ঠিকতা বোলেনে? মোৰ ভাৱেৰে জ্ঞানক সাৱটি ধৰা আৰু ঈশ্বৰক পিতৃববাধে ভক্তি কৰাকেইহে নৈষ্ঠিকতা বোলে। “মোৰ ভকতৰ সখি নকৰা বিচাৰ। ব্ৰাহ্মণ চাণ্ডাল জানা সবে একাকাৰ।” যি জনে চাণ্ডাল বামুণত ভিন্ ভাব নেদেখে তেওঁৱে নৈষ্ঠিকান হব পাৰে। প্ৰকৃতপক্ষে জাতিভেদ সত্য নহয়। এইহেতুকে সৃষ্টিৰ দিনৰেপৰা ভগৱানৰ অংশ লৈ ধৰ্মৰ গ্লানি গুচাবলৈ যিসকল মহাপুৰুষ অৱতাৰ হৈছে সেইসকলৰ ভিতৰত কোনেও জাতিভে উঠাবাৰ চেষ্টা নকৰাকৈ থকা নাই। কিন্তু এই ভাৰতৰ আৰ্যজাতিৰ অধঃপতনৰ মূল কাৰণ এই নৈষ্ঠিকানন্দ স্বামীসকলেই। এৰাসকলে ভাৰতত ৰাৰ
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭৪
অৱয়ব