পৃষ্ঠা:কঃ পন্থাঃ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
কঃ পন্থাঃ


সকলক দেখিছোঁ, তেখেতসকলে কেনে পৰিস্কাৰ খায়, পৰিস্কাৰ পিন্ধে, পৰিস্কাৰ থাকে আৰু ভাল পৰিস্কাৰ ঘৰত বাস কৰে অথচ আমি তেখেতসকলক জাতনোহোৱা মেলেছ বোলোঁ! ঘাইকৈ চাবলৈ গলে জাতনথকা মেলেছ আমিহে। ধৰ্ম্মৰপিনে চাবলৈ গলেও আমি মিছাতে হিন্দুধৰ্ম্মী বুলি আৰ্য্য ঋষিসকলৰ অপযশ আনো। আমি সনাতনধৰ্ম্মী বুলি যে কওঁহক আমাৰ গাত সনাতন ধৰ্ম্মৰ গুণ লেশ মাত্ৰ নাই। যি মানুহ বা জাতিৰ হৃদয়-ঘৰখনিত অকল ঘিণে মাত্ৰ যুগমীয়াদিনৰপৰা বাহ বান্ধি আছে, এনে জাতিৰ হৃদয়ত প্ৰেমে যেতিয়া থাকিবলৈ ঠাই নাপায়, তেনে জাতিক সনাতন হিন্দুধৰ্ম্মী বুলিব পাৰিনে? সনাতন ধৰ্ম্মৰ অৰ্থ কি? যি ধৰ্ম্ম অতি সৰল চিৰকলীয়া মানৱজাতিৰ স্বভাৱেৰে সৈতে মিলে তাকেই সনাতন-ধৰ্ম্ম বোলে। ইংৰাজী ভাষাত ইয়াক Cathalic religion বুলি কয়। বৰ্ত্তমান অধঃপতিত হিন্দুসকলে এই ধৰ্ম্ম পালিছেনে? হিন্দুৱে এই ধৰ্ম্ম পালন কৰাহেতেন, হিন্দুবিলাক কেতিয়াও এনে বেবেৰিবাং অৱস্থাত পৰি পৰাধীন হৈ দিনৌ অপমানৰূপ পাদুকাৰ তলত পৰি নাথাকিলহেতেন। আমাৰ আসামদেশখনত এজনো প্ৰকৃত নেতা নথকাৰ কাৰণে বৰ্ত্তমান সময়ৰ লগে লগে বেগাই বেগাই আগবাঢ়ি যাবলৈ আজিকালি আমাৰ ভিতৰত বাট দেখুৱাও কোনো এজন ওলোৱা নাই। এই কাৰণে আমি যে ভাৰতৰ আন আন প্ৰদেশৰ ভাইবিলাকৰ লগ ধৰিব পাৰিম তাৰ আশা আমাৰ একেবাৰে নাই বুলিলেও হানি নাই। পৰশ্ৰীকাতৰতা, ঘৃণা, হিংসা, খিয়ালেৰে আমাৰ হৃদয় ভৰি থকা গতিকে আমি বঙালীৰ কি আনৰ উন্নতি সহিব নোৱাৰি কেৱল সেইসকলৰ দোষখিনি বিচাৰি উলিয়াই সন্তুষ্ট থাকো। বঙ্গ কি আন আন দেশৰ মানুহৰ বেয়াখিনিহে আমি