পৃষ্ঠা:কঃ পন্থাঃ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
কঃ পন্থাঃ

আৰু অজ্ঞান মানুহৰ কথাই কথাই জাত যোৱা শঙ্কাও তেনে। মানুহ, মানুহ-জাতি, পশু, পশু-জাতি ইত্যাদি ভাগকেই জাতিভেদ বোলে। বেলেগ বেলেগ ঠাই বা দেশত থকা মানুহবিলাকৰ ভাষা ভিন্ন ভিন্ন, গতিকে মানুহৰ জাত বা জাতি বেলেগ বেলেগ যেন দেখি কিন্তু মনৰ ভাষা সকলো মানুহৰ একেই যে তাৰ অলপো লৰচৰ নাই। কি সভ্য, কি অসভ্য সকলো মানুহেই স্থুলতঃ বেয়া ভাল, মিছা সঁচা, আৰু পাপ পুণ্য বুজি পায়, নহলে অসভ্য মানুহে মিছা কলে, চুৰ কৰিলে, ফাঁকি দিলে বা প্ৰৱঞ্চনা কৰিলে কিয় খং উঠি সিহঁতৰে সৈতে বেহা-বেপাৰ কৰা মানুহক কাটিবলৈ উঠে বা কাটি পেলায়! প্ৰেমৰ ভাগটিক যি মানুহে বা জাতিয়ে ভালদৰে বহলাই সকলোৰে স্বাধীন ক্ষমতা আৰু সমান স্বত্ব বিচাৰ কৰি মানুহক দান কৰিব পাৰিছে সেই মানুহ বা জাতিয়েই উন্নত জ্ঞানী মানুহ বা জাতি। তেনেকুৱা জাতিক আন অজ্ঞানী জাতিক লাহে লাহে জ্ঞানৰ ৰাজ্যলৈ নিয়াৰ কাৰণে ভগবানে ক্ষমতা দিয়ে, এইকাৰণে যি জ্ঞানী মানুহ বা জাতি তাৰ হিংসা, ঘৃণা, দ্বেষ আৰু অহঙ্কাৰৰে গঢ়া জাতিৰ ভেদ নাই। আমাৰ দেশখনিত দেখিবলৈ গলে হিংসা, বিদ্বেষ, ঘিণ, আৰু অহঙ্কাৰেৰে গঢ়া জাতিভেদ, এইকাৰণে, হে ৰাইজসকল! মোক দায় দোষ নধৰি যেন সঁচা কথা কোৱাত ক্ষমা কৰে। আমাৰ অসমীয়া জাতি চাবলৈ গলে সভ্যও নহল আৰু ঘোৰ অসভ্যও নহল, কেৱল মাজত পৰি হিংস্ৰ জন্তুৰ দৰে অধমজাতি হৈ পৰিছে। তেনে নোহোৱাহেঁতেন এই দেশৰ মানুহৰ প্ৰাধান্য নষ্ট কৰি আন আন দেশৰ মানুহে এই অসমীয়া জাতিটিক তল পেলাই ইয়াত কেতিয়াও খেতি-বেপাৰ আদি কৰি চহকী হব নোৱাৰিলেহেঁতেন। ক’ত পৰদেশৰ মানুহে আহি আমাৰ ওচৰত