গ্ৰহণ কৰে হয় কিন্তু মানৱ জাতিক উপকাৰ কৰাৰ অৰ্থে সময় সময়
ব্ৰহ্মাৰ ইচ্ছামতে পাপহীন বিশেষ মানৱ দেহৰূপ যন্ত্ৰত আৱিৰ্ভূত হৈ
অৰ্থাৎ সেই যন্ত্ৰটিৰ আত্মাক নিজত লীন কৰি মানৱ জাতিৰ সময়
সময় উপকাৰ কৰেহি। ব্ৰহ্মাদি ঋষিসকল ভগবান শ্ৰীকৃষ্ণ, বুদ্ধদেৱ,
খৃষ্ট, মহম্মদ আন একো নহয়; এই বিশেষ আত্মাৰ ভিতৰৰ কোনো
কোনো জন মাত্ৰ। এনে আত্মাবিলাকে যোনীত জন্ম নলয় কিন্তু
কাৰ্য্য শেষ হোৱাৰ পিছত যিটি দেহ যন্ত্ৰত লম্ভি পৃথিবীত মানৱ
জাতিক প্ৰেম বিলাই উপকাৰ কৰিছিলহি, সেই যন্ত্ৰটিৰ নিজ আত্মাটিকো মুক্তি দি উলটি ব্ৰহ্ম-লোকলৈ গুছি যায়। এই কাৰ্য্যটিক বিশুদ্ধ
আত্মাৰ পক্ষে মৃত্যু হোৱা নোবোলে৷ গোসাঁই ঈশ্বৰৰ এইটি অটল
বিশ্বাস। এই কাৰণে এই গোসাঁইজনাই বুদ্ধদেৱক বৰকৈ মানে
আৰু বুদ্ধ ধৰ্ম্মক নাস্তিক ধৰ্ম্ম নোবোলে। ন্যায় দৰ্শনখনি পঢ়ি
গোসাঁয়ে বৰ ৰংপায় আৰু তেখেত এজন মহাযুক্তিবাদী তাৰ্কিক।
ভাগৱতৰ ভক্তিৰ অংশখিনিকহে গোসাঁয়ে ভাল পায়, তাৰ কেত
বিলাক উপন্যাস কাহিনীক তেখেতে ব্যাসে কৰা বুলি স্বীকাৰ
নকৰে। তেখেতে কয় যে এটি সংস্কৃত শব্দৰ অৰ্থ নানা পিনে
খটাব পাৰি। ভগবান শ্ৰীকৃষ্ণক যিবিলাক কু-চিত্ৰৰে ৰঞ্জিত কৰা হৈছে
তাক দেখিলে আৰ্য্যবিলাকৰ পতন অৱস্থাৰ চৰিত্ৰ, আচাৰ অৱনতি
চিত্ৰৰ বাহিৰে আন একো নহয়। গীতা আৰু উপনিষদ কেইখনি
গোসাঁই প্ৰভুৰ প্ৰাণৰ বস্তু, তাক সদায়ে আলোচনা কৰি থাকে।
পাশ্চাত্য দৰ্শন আৰু বিজ্ঞান তেখেতে অনেক পঢ়িছে। হিগেন
হিউম, কাণ্ট, বেইন, জন ষ্টুৱাৰ্ট মিল, হকসণি , টিণ্ডেল,
ডাৰউইন, ইত্যাদি। এইবিলাকৰ ভিতৰৰ চোফেনহাৰ, আৰমষ্ট্ৰং,
থিওদৰপাৰ্কাৰ মাটিনিউ আৰু এমাৰচ্ন আদিৰ কিতাপবিলাক হলে