সংস্কাৰকসকলে সুমাব ধৰিছে আৰু সুমাৰ চেষ্টাও কৰিছে কিন্তু
আমি হলে আন আন প্ৰদেশৰ কুচ্ছিত দেশাচাৰবিলাক আমাৰ
দেশত বা আমাৰ সমাজত আজিকালি সুমাব খুজিছোঁ আৰু লাহে
লাহে সুমাইছোঁ। আমি পোনপ্ৰথমে গমি দেখিবলৈ গলে বঙ্গদেশৰ
দৰে কৰ্ম্মবিভাগলৈ কট্ কটিয়া জাতিভেদ প্ৰথা যেনে তেল পেৰি
বেচিলে কোনো মানুহ তেলী হয়, কাপোৰ ব’লে তাতী হয়, সোণৰ
অলঙ্কাৰ প্ৰস্তুত কৰিলে সোণাৰী বণীয়া হয়, লো খুন্দি তাৰ সজুলি
তৈয়াৰ কৰিলে কমাৰ হয়। এনেবিলাক মানুহ বঙ্গদেশত সৰু জাতলৈ
নমা মানুহ, কিন্তু আমাৰ আসাম দেশত ঘাইকৈ বামুণক ধৰিলেও
বামুণে হালবোৱা কাৰ্য্যটি এৰি যি কামকে কৰি উপজীবিকা কৰক
কামে জাত তললৈ নমাব নোৱাৰে। বঙ্গদেশত বিয়া নকৰাকৈ
কোনোৱে কোনো জাতৰ ছোৱালী ৰাখি তাৰপৰা সন্তান উৎপাদন
কৰিলে সেই সন্তানবিলাকক বেশ্যা পুত্ৰ বোলে, সিহঁতে সমাজ
নাপায়, আমাৰ আসাম দেশে ভাবে যে লৰাছোৱালীৰ ভিতৰত
মন খাই প্ৰেম জন্মিলেই বিয়া কৰাৰ তুল্য, এই কাৰণে,
আমাৰ সমাজত যাৰ যি কুলৰ মাতৃ সেই সেই কুলত সেই
বিলাক সতি-সন্তানক ঠাই দি ব্যৱহাৰ কৰে আন কি অজ্ঞাত কুল-
শীলৰ বিদেশী কেঞাঁ, হিন্দুস্থানী আৰু বঙালী বাবুসকলৰ সন্তান
বিলাককে সমাজে মাতৃ কুলত ৰাখি ব্যৱহাৰ চলাই সেইমতে অসমীয়াই ছোৱালী অনা দিয়া কৰি বিবাহাদি কাৰ্য্য চলাই আছে।
বেশ্যা এটি কথা আসাম দেশত পূৰ্ব্বে চলতি নাছিল, কেৱল দেৱালয়বিলাকত নাচ গান কৰাৰ অৰ্থে নট মানুহ এশ্ৰেণী আছিল,
আৰু এতিয়াও আছে। সিহঁতক, সিহঁতৰ তিৰোতা আৰু লৰা ছোৱালী
বিলাক নট নটিনী বুলিছিল। সিহঁতেও আগেয়ে সামাজিক বন্ধন থকা
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
কঃ পন্থাঃ