হৈ আহিছে। এইজন আসামৰ সুসন্তানে আসামৰ উন্নতি কিৰূপে কৰিব পাৰি তেওঁ সদায় ইয়াকেই ভাবি থাকে আৰু চেষ্টাও কৰি থাকে। তেখেতে এতিয়া উঠি কবলৈ ধৰিলে “হে ৰাইজসকল! আপোনাসকলে খং নাখাব, মই হাতযোৰ কৰি কথা কেআষাৰমান কও শুনক। “মই বিলাতত বহুদিন থাকি ইংৰাজ জাতিনো কি গুণৰ বলত ইমান ডাঙৰ হৈছে আৰু আমাৰ ৩৩ কোটি মানুহে বাস কৰা ভাৰতভূমিৰ অধীশ্বৰ হল, তাৰ তত্ত্ব অনেক দিন বিচাৰি খোচাৰি ইয়াকেই পালোঁ যে ইংৰাজ জাতিৰ ধৰ্ম্ম বল আছে, মানুহৰ ধৰ্ম্ম কিহক বোলে আৰু বুজায় তাক তেওঁ লোকেহে জানে। সেই দেশৰ মানুহ সকলো স্বাধীনচিতীয়া ৰাজমন্ত্ৰীৰ পৰা মেতৰলৈকে সকলোৰে নিজ নিজ বাব অনুসৰি সদায় কামতে ব্যস্ত, কোনো বহি নাথাকে। কোনো মানুহে কাকো ডাঙৰ সৰু জ্ঞান নকৰে, ডাঙৰৰ পৰা সৰুলৈকে অৰ্থাৎ ৰাজঘৰীয়া ডাঙৰ ডাঙৰ বিষয়া আক ক্ৰোড়- পতি লাখপতি ধনী মানুহবিলাকৰ পৰা, কোনোমতে এসাজ ভাত খাই জীয়াই থাকিব পৰা দুখীয়ালৈকে, সকলোবিলাকেই ঘাইকৈ আত্মশাসন অৰ্থাৎ নিজ মান নিজে ৰক্ষা কৰে, কাকো কোনেও দেউতা, স্বৰ্গদেউ আৰু প্ৰভু-ঈশ্বৰ বুলি নাভাবেও আৰু সম্বোধনো নকৰে। সকলোৱে ভাবে যে মানুহ মাত্ৰেই সমান, ঈশ্বৰে সকলোকে সমানে সৃজন কৰিছে, কোনো ডাঙৰ সৰু হব নোৱাৰে, এই কাৰণে তাত দেখিলোঁ আমাৰ দৰে মানুহক কুকুৰতকৈও অধম ভবা বিধৰ জাতি ভেদ তাত নাই। সেই দেশৰ মানুহ এক মুঠিয়া হৈ আছে। বিলাত বা ইংলণ্ড দেশৰ মানুহৰ স্বদেশ আৰু স্বজাতিলৈ প্ৰেম বেচি, নিজ দেশ আৰু নিজ জাতিৰ কাৰ জীৱন বিসৰ্জ্জন দিবলৈকো কুণ্ঠিত
নহয়। নিজ দেশলৈ তেখেতসকলৰ মৰম বেছি থকাৰ কাৰণেই
২