পৃষ্ঠা:কঃ পন্থাঃ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কঃ পন্থাঃ


বামুণটিৰ হাতে খাব পাৰোঁ, আমাৰ জাত নাযাব নে? এতেকে যুগী সকলৰ ৰভাৰ ৰাইজে, গোসাঁই, বামুণ সকলৰ ৰভাৰ বস্তুখিনি নিয়ক আৰু মূল্যফেৰি যি হয় হিচাপ কৰি দিয়ক।” এনেতে এজন মাজ বয়সীয়া যুগীৰ গাওঁবুঢ়াই মাত লগাই কব ধৰিলে;—

 “হে ৰাইজসকল! আপোনাসকলে বিবেচনা কৰক, গোঁসাই বামুণৰ ৰভাখনিৰ ভিতৰৰ কেনে বিধৰ কোন কোন মানুহ আছে তাক আমাৰ জনা আছে, সেই যে কোট পেটলুন পিন্ধি ফুৰা শিবেশ্বৰ বৰুৱা ডেকা লৰাটিক দেখিছা, তেওঁ তাহানি ডিব্ৰুগড় ৰেইল অফিচত কাম কৰিছিল, তাতে তেওঁ এজনী বৃত্তিয়ালৰ (বণিয়া) সুন্দৰী ছোৱালী ৰাখিছিল, পিছে তেওৰ বাপেক বুঢ়াবৰুৱাই সেই কথা গম পাই কাম এৰুৱাই আনি এতিয়া নিজৰ চাহবাগীছাত ৰাখি নিজ কাম চলোৱাইছে। আৰু মুনচুপৰ জীয়েকক বিয়া কৰোৱাই দিছে।

তেওঁ কুলত বামুণ হৈ যেতিয়া বৃত্তিয়ালনীক (বণিয়া) ৰাখিছিল, এতিয়া তেওঁ যিস্থলত গোসঁই বামুণৰ ৰভাত ছোৱা গজা কৰিছেহি আমি কেনেকৈ বস্তুখিনি আনি খাওঁ, আমাৰ জাত নাজাবনে? এতেকে বৃত্তিয়াল ৰাইজৰ ৰভাই সেই বস্তুখিনি দাম দি আনক।” এনেতে নদীয়াল এজনে মাত লগাই উঠিল যে, তেনেহলে কথাই গুছিল! আমিনো বৃত্তিয়ালনীক ৰখা বামুণে ছোৱা গজা কৰা বস্তু খাব পাৰোনে? আমাৰ জাতক একেবাৰে তললৈ নিয়াহে হব, এতেকে বৃত্তিয়ালৰ ৰভাই সেই বস্তুখিনি আনক।” এই কথাৰ অন্ত হওঁতে বৃত্তিয়ালৰ ফালৰ এম্-এ উপাধি পোৱা শিক্ষিত যুৱক এজনে খংমুৱাকৈ কব ধৰিলে; “বামুণ কলিতাৰ ভিতৰৰ কেইবাজনো শিক্ষিত ডেকা বিলাতলৈ গৈ তাত খাই বই জাত কুল এৰি উলটি যিস্থলত নিজ দেশলৈ আহি নিজ নিজ জাতৰ ছোৱালী বিয়া কৰি জাতত উঠি