ৰভা সাজি সবাহ ভাওনা পাতিছে। কছাৰীৰ কছাৰী ভাগে, সোনো-
ৱালৰ সোনোৱালৰ ভাগে, ডেকাৰ ডেকা ভাগে, কোছৰ কোছ ভাগে,
মদাহী, বৰাহী আৰু মৰাণ আৰু লালুং ইত্যাদি নিজ নিজ ভাগে ৰভা
সাজি সবাহ ভাওনা পতা হৈছে। যুগী আৰু সুত কুলীয়া ৰাইজ
সকলেও নিজ নিজ খেল অনুসাৰে সেই পথাৰখনিত ৰভা সাজি
গায়ে গায়ে সবাহ ভাওনা পাতিছে। তাত গাখীৰ, দৈ আৰু গুৰ
এইখিনি নেপালীয়ে যোগাইছে। মাছ আনি যোগাইছে বঙালী
জালোৱাই, কাপোৰ কানি আৰু দাইল, লোন-তেল এনেবিলাক
পিন্ধা আৰু খোৱা বস্তুৰ দোকান কেঞা আৰু হিন্দুস্থানীয়ে পাতিছে।
কানি আৰু ভাঙৰ মহলদাৰে সেৰে সেৰে কানি আৰু ভাঙ্ আনি
বিক্ৰী কৰিছেহি। চাৰিওপিনে কানি খোলা পাতি ৰাইজে কানিৰ
টিকিৰা হোপাৰ ধোৱাঁই আৰু ভাঙৰ দমৰ ধোৱাঁই গোটেই ঠাইখন
এনে ধুৱঁলী-কুৱঁলী কৰিছে, যেন, বৈদিক সময়ত নৈমিৰাৰণ্যত আৰ্য্য
ঋষি সকলেহে যজ্ঞ পাতি হোম কৰিছে।
এই মহা মেলাখন দেখাৰ কাৰণে কলেজ আৰু স্কুলৰ ছাত্ৰ বিলাকেও ছুটী পাই গৈছে। কলেজৰ ছাত্ৰসকলে অনেক ঠাইত ৰাইজবিলাকে কানি ভাঙ এৰাৰ কাৰণে বুজাইছে। এনেতে এটি বৰ কোঢ়াল শুনা গল। দূৰৰ পৰা শুনোতে যেন মৰামৰি কিলা কিলিহে লাগিছে। মই বৈৰাগীয়ে সৈতে লৰালৰিকৈ তাক চাবলৈ গুচি গলোঁ, আমাৰ পিছে পিছে কলেজ আৰু স্কুলৰ ছাত্ৰবিলাকো লৰালৰিকৈ গল। তাত গৈ শুনিবলৈ পালোঁহক, যে এটি নদীয়াল (কৈৱৰ্ত্ত) বা জালোৱা কেওটৰ মানুহে আভুৱাহৈ গোঁসাই, বামুণ, মহন্ত আৰু কায়স্থ কলিতাই চালিখন সাজি সবাহৰ সম্ভাৰৰ বস্তু আৰু পানী যুগুত কৰি ৰাখি থৈছিল, তাতে অকস্মাৎ সমুখৰ পিনে সোমাওঁতে