লগত সানি— ইচ, কি কথাবোৰ যে ক’ব ধৰিছোঁ!
মোৰ সেইবোৰত আগ্ৰহ নাই। ভোক লাগিলে খাওঁ।
ভোক লাগিলে ময়ো খাওঁ। কিন্তু আপোনাৰ যে লোভ নাই, সেই কথাটোহে – যি কি নহওক, এয়া চাহ-কফিৰ ডিব্বাটো লৈ হকাৰ এটা আহিছে,—দো কাপ চায়, হাঁ। কিত্না? ছে ৰূপয়া—ছটকা বুলি কৈছে, মই দিছোঁ ৰ’ব। আচ্ছা, মন যোৱা কথাটোলৈ ঘূৰি আহোঁ, সকলোৰে কিবা নহয় কিবা এটা কৰিবলৈ মন যায়, মন যাব লাগে, আপোনাৰো নিশ্চয় মন যায়।
মোৰ একো কৰিবলৈ মন নাযায়।
মিছা কথা। আপোনাৰ অন্ততঃ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ মন যায়।
ওহোঁ। আচলতে মোৰ দেউতাৰহে জগন্নাথ মন্দিৰ চাবলৈ বৰ হেঁপাহ।
তেখেত ক’ত?
বাংকত। শুই আছে।
অ’, ভালেই কৰিলে। তেখেতক মন্দিৰ দেখুৱাবলৈ আনি আপুনি আচলতে একধৰণৰ ৰেচপেক্ট শ্ব’ কৰিলে।
নহয়, এইটো আচলতে একধৰণৰ ডিউটিহে পাৰফৰ্ম কৰিলো।
বেছ, সেইটোৱো ভাল কথা। মোৰতো সেই ভাগ্যও নহ'ল। এনেকুৱা সময়ত দেউতা নামৰ গছজোপাৰ ছাঁত এখেন্তেক জিৰণি ল’ব পৰা হ'লে কিমান যে সকাহ পালোহেঁতেন!
আপোনাৰ দেউতা নাই?
নাই, ঢুকাল। অদ্ভুত ধৈৰ্য আৰু মানসিক শক্তি আছিল তেওঁৰ। দুৰন্ত আত্মবিশ্বাস আছিল। মানুহটো আছিল সাগৰৰ দৰে গভীৰ আৰু ব্যাপক।
আপুনি আকৌ সাগৰৰ কথা কৈছে। কি আছে সাগৰত? পানীয়েইতো?
নহয়, কেৱল পানী নহয়। সাগৰৰ বুকুত অলেখ লহৰ আছে, অসংখ্য জোৱাৰ আছে। মানুহৰ মনটোৰ ভিতৰত থকাৰ দৰে। আপোনাৰ মনলৈ কেতিয়াও জোৱাৰ অহা নাই?
নাজানো।
সকলো মানুহৰে আহে। আপুনি হয়তো চিনাক্ত কৰিব পৰা নাই।
হ’ব পাৰে। কিন্তু ইয়াত লোকচান কি? মোৰতো কোনো লোকচান হোৱা নাই।
লোকচান হৈছে। আপুনি বেয়া পালেও ক’ম, আপুনি মুডী আৰু অসন্তোষীয়া হৈ পৰিছে। সাধাৰণতে এনেকুৱা মানুহ আত্মকেন্দ্ৰিক হয়, প্ৰায় সকলো কথাতে বিৰক্ত হয়, জীয়াই থকাৰ স্পৃহা হেৰুৱাই পেলায়। মোৰ সন্মুখত এতিয়া আপুনি আপত্তি কৰি উঠিব