পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা স্পৰ্শৰ ইচ্ছা

 বহু ওপৰৰপৰা তলৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ যেন লগা মানুহ-দুনুহ আৰু গাড়ী-মটৰৰ গতিবিধি লক্ষ্য কৰাৰ এটা বেলেগ ধৰণৰ মজা আছে। গছ একোজোপাৰ কাৰণে হয়তো ধাৱমান লক্ষ্যবস্তুটো সাময়িকভাৱে অদৃশ্য হৈ পৰে, কিন্তু পাছ মুহূৰ্ততে সি পুনৰ দৃশ্যমান হয়। বহু সময় পদপথত এনেয়ে ৰৈ থকা, ওপৰৰপৰা চালে ক্ষুদ্ৰকায় যেন লগা মানুহ এজনে তেওঁৰ হাতঘড়ীটোলৈ চাই হঠাৎ খোজ কাঢ়িবলৈ ধৰে। তাৰ পাছত এটা কেঁকুৰিৰ সিফালে তেওঁ অদৃশ্য হৈ যায়। জেব্ৰা ক্ৰছিং এটাৰে মানুহ কেইটামানে ৰাস্তাটো পাৰ হ’বলৈ যো-জা চলায়, কিন্তু পাছ মুহূৰ্ততে একোখন বেগবান গাড়ীৰ ব্ৰেকৰ শব্দত তেওঁলোক ৰাস্তাটোৰ সোঁমাজত যেন বিপৰ্যস্ত হৈ পৰে।

 অফিছৰ দক্ষিণৰ ফালৰ এই খিৰিকিখনে যিমানলৈকে সুবিধাকণ দিছে, ডেনিয়েলে সিমানলৈকে এবাৰ চাই পঠিয়ালে। ইমান বেছি মানুহৰ ভিৰ তেওঁৰ দেশত নাই।

 প্ৰকাণ্ড একোটা অট্টালিকা। সেইবোৰৰ ওপৰত বিভিন্ন আকৃতিৰ ৱাটাৰ ৰিজাৰ্ভাৰ। কাপোৰ মেলি দিব পৰা তাঁৰ; তাঁৰত দোলায়িত গেঞ্জি, পেণ্ট, পেটিকোট। তলত, ৰাস্তাৰ কাষত বিৰাট আকাৰৰ একোখন হ’ৰ্ডিং। সেইবোৰৰ মাজত অতি কৌশলেৰে অৱস্থান কৰি আছে ছিনেমাৰ নায়ক-নায়িকাৰ বিশাল কাট-আউটবোৰে। চিত্তৰঞ্জন এভিনিউৰ এই এলেকাটো যদিও লো, তীখা আৰু ছিমেণ্টে প্ৰায় গ্ৰাস কৰি পেলাইছে, যদিও ইয়াত কাষৰীয়া অঞ্চলবোৰৰ দৰেই একধৰণৰ ৰুক্ষতাই আঁচোৰ মাৰিবলৈ আৰম্ভ কৰিছে, তথাপি ইয়াৰ প্ৰাণচঞ্চলতাই ডেনিয়েলৰ মনলৈ আনি দিছে তেওঁ এৰি থৈ অহা এখন মহানগৰীৰ উত্তাপ। অৱশ্যে সুলেখা এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ এই কোঠাটোত যিখন সাপ্তাহিক কাকতৰ বাবে ডেনিয়েলে ছবি আঁকিবলৈ লৈছে, সেইখনৰ সম্পাদক অনন্তমোহন মিত্ৰই প্ৰায়েই ধেমালিৰ ছলেৰে তেওঁক সকীয়াই আছে যে কলকাতা কলকাতাই, ই কোনোপধ্যেই ডেনিয়েলৰ আমষ্টাৰডাম নহয়। আৰু কলকাতা যে কলকাতাই সেই কথাটো প্ৰমাণ কৰিবলৈকে যেন এই অহৌবলিয়া মহানগৰীখনে যোৱা এটা মাহে তেওঁক দেখুৱাই গৈছে এক অকল্পনীয় আৰু অদ্ভুত ৰোমাঞ্চ।

 সঁচাকৈয়ে, দুৰ্গা পূজা নামৰ শৰৎকালীন এই অনুষ্ঠানটোৰ আয়োজনে কলকাতাৰ মানুহৰ শৰীৰলৈ আনি দিয়ে এক নামহীন জ্বৰৰ উষ্ণতা।