পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিনকেইটাত সি তেওঁৰ কাষত থাকিব লগিছিল। এগৰাকী বিদেশিনীৰ সৈতে তাৰ বিবাহ সম্পৰ্কে দেউতাকৰ স্থিতি যিয়েই নহওক, মানুহটোৰ মৃত্যুৰ সময়লৈ কথাটো সি ধৰি থাকিব নালাগিছিল। অথচ ঘটনাবোৰ এটাৰ পাছত এটাকৈ এনেদৰে ঘটিবলৈ লয়। যে ওৰেনিশা বিছনাখনত পৰি ভাবি ভাবি সময় অতিবাহিত কৰাৰ বাহিৰে কৰিবলগীয়া যেন একোৱেই নাথাকে।

 যি নহওক, এটা দুখজনক পৰিস্থিতিৰ বাবে কাৰোবাক জগৰীয়া কৰাৰ সময়ছোৱা যেনিবা পাৰ হ'ল। মোৰ গৃহস্থ ঢুকোৱাৰ শোকৰ মাজতো মই এই ভাবি আশান্বিত হৈ উঠিলো যে বাবন এইবাৰ ঘৰলৈ আহিব। খং-অভিমান, অসন্তোষ কৰিবলৈ এতিয়াতো আৰু কোনো নাই!

 মই চন্দনক কাতৰভাৱে সোধোঁ,—“তই নগৰলৈ গৈ ফোন এটা কৰিব নোৱাৰনে?”

 “কৈছোঁ দেখোন, তাৰ আগৰ চাকৰিটো সলোৱাৰ পাছত নতুন নম্বৰ সি দিয়াই নাই”—চন্দনে ফেপেৰি পাতি ধৰে।

 কুকিয়ে যেতিয়া মজিয়াত প্লাষ্টিক নতুবা কাপোৰেৰে বনোৱা পুতলাবোৰ লৈ অকলে - অকলে উমলি থাকে মোৰ তেতিয়া বাবনলৈ মনত পৰে। চাইকেলৰ চকাৰ ৰিম এটাক মাৰি এডালেৰে কোবাই-কোবাই সিযে কেতিয়াবা কোনোবাখিনি পাইছিলগৈ, সেইটো চলাই থাকোঁতে মুখেৰেও সি যে গাড়ী চলোৱাৰ দৰে এটা অদ্ভুত শব্দ উলিয়াইছিল! এদিন যে সি হঠাৎ নোহোৱা হৈছিল আৰু অনেক বিচাৰ-খোচাৰৰ অন্তত নৈৰ মথাউৰিত পাই দেউতাকে তাক দুছাট লগাই চোঁচোৰাই আনিছিল, আৰু কৈছিল,—“আগলৈ আমাক নোসোধাকৈ ক'লৈকো নাযাবি”,—সেই কথাবোৰ মনত পৰে।

 পঢ়া-শুনা সামৰি এদিন সি নৈৰ মথাউৰি পাৰ হৈ, আমাৰ এই আওহতীয়া ঠাইডোখৰ এৰি, আনকি দেশখনৰ সীমাও অতিক্ৰম কৰি গুচি গ'ল বহুত দূৰৰ দেশ এখনলৈ। জীৱন আৰু জীৱিকাৰ তাড়নাই মানুহক যে ক'লৈ নিয়ে! মোৰ মনটোৱে হাহাকাৰ কৰি উঠিছিল। ৰান্ধনিঘৰত মই লুকাই কান্দিছিলো। ৰাতি বিছনাত পৰি বহু সময়লৈ টোপনি যাব পৰা নাছিলো। তেখেতে,—মানে বাবনৰ দেউতাকে কৈছিল,—“সুযোগটো পাইছে যেতিয়া যাওক দিয়া।”

 সেইখিনিলৈকে যেনিবা ঠিকেই আছিল। আমাৰ সৰু পুত্ৰ চন্দনৰ মুখলৈ চাই বাবন দূৰলৈ যোৱাৰ শোকটো পাতলাব পাৰিছিলো। প্ৰতিবেশীৰ সমুখত গৰ্বও কৰিব পাৰিছিলো। পাছপ'ৰ্ট, ভিছা, বিদেশী কোম্পানি, ডলাৰ, — এইবোৰৰ একো আও-ভাও নোপোৱা, নগৰৰ পৰা দূৰৈৰ এডোখৰ তেনেই আওহতীয়া ঠাইত বাস কৰি থকা এটা সাধাৰণ পৰিয়ালৰ পৰা ওলাই ইমান দূৰলৈ যাব পৰাটো কম কথাতো নহয়!

 অৱশ্যে সাধাৰণ পৰিয়াল বুলিনো কেনেকৈ কওঁ? দেশীয় চৰকাৰখনে মোৰ শহুৰ