পাতনি
কবিতা লিখা বিশেষ ৰাপ নাথাকিলেও মাজে সময়ে স্বতঃস্ফূর্তভাৱে কিছুমান শব্দই মনত দোলা দিছিলহি। সেই শব্দবোৰকেই মনত জুকিয়াই লৈ কবিতাৰ ৰূপত প্ৰকাশ কৰিবলৈ যত্ন কৰিলোঁ। এটোপ দুটোপকৈ ডাৱৰৰ পানী পৰি সাগৰ সৃষ্টি হোৱাৰ দৰে এই সামান্য শব্দকেইটাই কবিতাৰ পূৰ্ণ আকাৰ হয়তো দিব নোৱাৰে। কিন্তু এই কবিতা পুথিখন সেই প্রয়াসৰেই এক পৰিণতি।
কৃতজ্ঞতা প্রকাশ মোৰ মা-দেউতালৈ, যাৰ আগ্ৰহ আৰু উৎসাহত এই কবিতাসমূহ পুথি আকাৰে লিপিবদ্ধ হ’ল। বিশেষ ধন্যবাদ ঈশানজ্যোতি বৰা আৰু ড° আল্পনা সৰকাৰ ডেকালৈ যিয়ে কবিতা কেইটাত হাত ফুৰাই দিয়াত সহায় কৰিলে। ঈশানজ্যোতি বৰা পেছা এগৰাকী ইলেক্টিকেল আৰু ইলেক্টনিক ইঞ্জিনীয়াৰ আৰু সুলেখক। ড° আল্পনা সৰকাৰ ডেকা ধূপধৰাৰ বিকালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু সুলেখিকা। মৌচুমী দাসলৈ অশেষ ধন্যবাদ, কবিতা পুথিখনৰ বেটুপাতটো অংকন কৰাত সহায় কৰাৰ বাবে।