পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আয়োজন

 যোৱা ব'হাগ বিহুৰ এপষেকমান পাছতেই দুলাল বদলি হৈ তাৰ জন্মস্থান বৰপেটালৈ অহাৰ পাছত মনোমতীৰ নিজান ঘৰখন ভৰি পৰিছে। চাৰিজনী ছোৱালী আৰু এটা ল'ৰা ডাঙৰ কৰি চুলি পকোৱা মনোমতী আৰু হৰেনৰ দুলালহঁত ঘৰলৈ ঘূৰি অহাৰ আগৰ সময়খিনি বৰ নিমাত-নিতাল আছিল। বিয়াৰ পাছত ছবছৰলৈকে মাকৰ ঘৰৰ মোহ এৰিব নোৱৰা ছন্দাই দুলালৰ লগত পিছলৈ থাকিবলৈ লৈছিল। চৰকাৰী বিষয়াৰ সদাব্যস্ততা আৰু ছন্দা সু-গৃহিণী হোৱাৰ সুবাদতে সিহঁতৰ পুৰণি ঘৰখনলৈ আহ-যাহ কম হৈছিল। সেয়ে মাজে মাজে আলহীৰ দৰে ভুমুকি মৰাত বাদে সিহঁতক ঘনিষ্ঠকৈ পাবলৈ মনোমতী-হৰেনৰ কোনো উপায় নাছিল। সিহঁত ঘৰলৈ অহা-নহা কথালৈ মনোমতীৰ মনত কিবা খু-দুৱনি থাকিলেও তাই মুখেৰে একোকে নকৈছিল। কেৱল মনতে ভাবিছিল— যাহওক, যেয়ে যেনেকৈ থাক, ভগৱানে কুশলে ৰাখিলেই হল। '

 দুলাল আৰু ছন্দাৰ দুজনী ছোৱালী। দুয়োজনী এতিয়া গাভৰু হ'ল। যোৱা বছৰ সি ইয়ালৈ বদলি হৈ অহাৰ পাছত বোৱাৰীয়েকেও কুমলীয়া গাভৰু জীয়েক দুজনীক লৈ গুচি আহিছে। নাহিনো কি কৰিব? ভাৰাঘৰতহে আছিল সিহঁতৰ সংসাৰ! মনোমতীয়ে ছন্দা ঘৰলৈ ঘূৰি অহাটো বৰ প্ৰফুল্ল মনৰ সিদ্ধান্ত নহয় বুলি গম ধৰিব পাৰিলেও গিৰিয়েক হৰেনৰ হাক পাই তাই মনে মনে আছে। হৰেনে তাইক খবৰদাৰ কৰি দিছে—'নক'বি একো। যেনেকৈ সিহঁতে থাকি ভাল পায় তেনেকৈ থাকক। সিহঁত নাথাকোতে আমি যেনেকৈ আছিলো, এতিয়াও তেনেকৈ থাকিম। ' গতিকে মনোমতী মনে মনে আছে। মনোমতীয়ে ছন্দাক কোনোধৰণৰ বাধ্যবাধকতা অনুভৱ কৰিবলৈ নিদিয়াকৈ তাই পূৰ্বৰ দৰেই ঘৰখন জীপাল কৰি আছে। বোৱাৰী আৰু নাতিনীহঁতৰ টাউনীয়া স্বাচ্ছন্দ্য চলন-ফুৰণত সেয়ে কোনো ভেটা পৰা নাই। দুলালৰ এইবোৰত চকু দিবলৈ সময়েই নাই। গাভৰু জীয়েকহঁতৰ আবদাৰ আৰু ঘৈণীয়েকৰ মন যোগাই চলি, অফিচৰ লেঠা মাৰি মনোমতী আৰু হৰেনৰ মনৰ বতৰা ল’বলৈ তাৰ সময়ৰ বৰ অভাৱ হয়। তথাপি যে ঘৰখন ভৰি আছে, সেয়ে বহুত।

 বাৰাণ্ডাৰ চুক এটাত বহি এখৰাহী শাক আগত লৈ মনোমতীয়ে বহু কথাই সুঁৱৰি গ'ল। এডাল এডালকৈ শাকবোৰ বাছি ছিঙি যাওঁতে তাইৰ