পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
ঊষা-হৰণ।


মাংসক লাগিযা যেন দুই সেন যুঝে ।
সেহি মতে বুঝে দুইও কুঞ্জবন মাঝে ॥২১৭
হেন কালে বলভদ্র আসি পাইলা লাগ ।
দুইৰো মাঝ পশি যুদ্ধ ভাঙ্গে মহাভাগ ॥
বড় ভাইক দেখি হৰি বড় লাজ পাইলা ।
অধোমুখে বসুমতী চাহিয়া ৰহিলা ॥২১৮
বলভদ্র আইলা দেখি আইলা দেৱগণ ।
পাৰ্ব্বতী সহিত আইলা দেৱ ত্রিনিয়ন ॥
প্ৰথমে বলভদ্ৰ হৰিক বুলিলা ।
হেনয় কুকৰ্ম্ম তুমি কিয়নাে কৰিলা ॥২১৯
শুনিয়া তােমাক হালিবেক ত্ৰিজগত ।
লাজ অপমান কথা নাহিকে মনত ॥
জানিলো তােমাৰ মনে নাহি কিছু লাজ ।
সন্ত জনে কভু নকৰয় হেন কাজ ॥২২০
যুবা কালে হেন বুদ্ধি আছিল তােমাৰ ।
ইদানিকো এড়িতে নোৱাৰা পদোৰ ॥
এই সব বচনে নিন্দিয়া গোবিন্দক ।
প্রবােধ বচন বুলিলন্ত কুমাৰক ॥২২১
শুনা অনিৰুদ্ধ বাপু বচন আমাৰ ।
ঊষা যে লৈয়া যাস ঘৰে আপোনাৰ ॥