পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
উষা-হৰণ ।

হা হা পুত্ৰ বুলি কাম জুড়িলা ক্রন্দন ।
কৈক যাস এড়ি মােক প্রাণৰ নন্দন ॥২০২
অনিৰুদ্ধ পুত্ৰ মােৰ সৰ্ব্বাঙ্গ সুন্দৰ ।
এহি বুলি মূৰ্চ্ছা গৈলা কৃষ্ণৰ কুমাৰ ।।
দেখি ৰতি নাৰি আসি প্রভো প্রভো কৰি ।
কান্দিতে লাগিলা শােকে আলিঙ্গিয়া ধৰি ॥২০৩
উঠা উঠা প্রভো এবে হৱা সচেতন ।
চলা যাই দেখে গৈয়া পুত্ৰৰ মৰণ ॥
আমাৰ যে মৰণ ভৈলন্ত সাৰে সাৰ ।
তব বাপে মাৰিলেক কুমাৰ আমাৰ ॥২০৯
একে পুত্রশােকে মৰো তুমি অচেতন ।
অভাগিনী মোক প্রভো দিয়া সমিধান ॥
এহি বুলি কান্দি কান্দি সুললিত ৰাৱে ।
সুশীতল চন্দন সিঞ্চয় হাতে পাৱে ॥২০৫
কতক্ষণে চেতন লভিয়া বীৰ কাম ।
কান্দিতে লাগিলা সুমৰিয়া পুত্র নাম ॥
হায় পুত্র কৈক গৈলা মােক পৰিহৰি ।
উষাৰ কাৰণে এবে প্রাণে গৈলা মৰি ॥২০৬
পূৰ্ব্বে বাণৰ পুৰে উষাৰ কাৰণে ।
চিত্রলেখী হৰি লৈয়া গৈলেক আপােনে ॥