পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঊষা-হৰণ।

নাৰদ বদতি শুনা কামৰ নন্দন।
দেখিতে আসিলো আজি হৈয়া ৰঙ্গ মন॥৮
দেখিয়া তোমাক ভৈলো প্ৰসন্ন বদন।
উষা সমে ৰঙ্গে ঢঙ্গে থাকা সৰ্ব্বক্ষণ॥
আশীৰ্ব্বাদ কৰো জানা বাণৰ নন্দিনী।
কল্যাণে থাকাহা হৈয়া স্বামী সুভাগিনী।৯
স্বামীৰ বল্লভা হুয়া থাকা সৰ্ব্বক্ষণ।
এহি বুলি বৰ দিলা ব্ৰহ্মাৰ নন্দন॥
আশ্বাসিয়া গৈলা মুনি গোবিন্দৰ পাশ।
মুনিক দেখিয়া দেৱ জগত নিবাস॥১০
উঠিয়া আসন দিয়া পূজিলা বিধানে।
পাদ্য-অৰ্ঘ্য আচমনী মধুপৰ্ক দানে।
পাছে পুছিলন্ত শুনিয়োক মুনিবৰ।
সম্প্ৰতি আসিলা তুমি কাৰণ কিসৰ॥১১
সুৰপুৰি মাজে এবে কোন সমাচাৰ।
কহিয়োক মুনিৰাজ আগত আমাৰ॥
নাৰদে বোলন্ত শুনিয়োক নাৰায়ণ।
সুৰপুৰে কুশলে আছন্ত দেৱগণ॥১২
নাহি একো উপদ্ৰৱ থাকে মন ৰঙ্গে।
দেৱৰাজ কুশলে আছন্ত শচী সঙ্গে।