পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
ঊষা-হৰণ।
নাৰদৰ মুখে ঊষাৰ সংবাদ প্ৰাপ্তি
আৰু অনিৰুদ্ধৰ যুদ্ধ যাত্ৰা।
 
পদ।

গগন মণ্ডলে যায় ব্ৰহ্মা তনয়।
দেখিলে ঊষাক ক্ৰীড়ে দেৱ কৃপাময়॥
কৰে মনোৰথ কেলি নিৰ্জন গহনে।
দেখিয়া আনন্দে মুনি ৰঙ্গ পাইলা মনে॥১৫৫
এবে গৈয়া কহো অনিৰুদ্ধৰ আগত।
লাগোক কন্দল আবে দেখোহো বনত॥
আজোৰে নাতিৰে যুদ্ধ দেখো এথানত।
এহি বুলি আলোচিয়া মুনি চলিলন্ত॥১৫৬
দেখে অনিৰুদ্ধ পড়ি আছে ধৰণীত।
সুন্দৰ শৰীৰ সিটো ধূলায় লিপিত॥
হাতে ঠেলি কুমাৰক কৰিলা চেতন।
উঠা উঠা অনিৰুদ্ধ কামৰ নন্দন॥১৫৭
মুনি বোলে কেন হেন অৱস্থা তোমাৰ।
কিসক বিকল দেখে বীৰবৰ সাৰ॥
কুমাৰে বোলন্ত মুনি কিবা সোধা আৰ।
কোনেবা হৰিলে ঊষা কুমাৰী ৰজাৰ॥১৫৮

৪-